শ্বাহৰুখ খান আৰু দীপিকা পাডুক’নৰ আগন্তুক ছবি ‘পাঠান’-ৰ প্রথম গীতৰ ভিডিঅ’ মুক্তি পোৱাৰ পাছতেই আৰম্ভ হৈছে বিতর্ক । ‘বেছৰম ৰং’-ত দীপিকা পাডুক’নক শ্বাহৰুখ খানৰ স’তে ঘনিষ্ঠ অৱস্থাত দেখি গৰিহণাত মুখৰ হয় কিছুসংখ্যক ৰাজনৈতিক নেতা ।
এইবাৰ সেই বিতর্কৰ প্ৰভাৱ পৰিল টুইটাৰতো । কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰানিৰ ১৯৯৮ত ‘মিছ ইণ্ডিয়া’ প্রতিযোগিতাৰ এটা ভিডিঅ’ ক্লিপ লৈ বিজেপিক কটাক্ষ কৰিলৈ তৃণমূলে । সামাজিক মাধ্যমত বিতণ্ডাত জড়িত হ’ল দুই দলৰ নেতৃত্ব ।
বৃহস্পতিবাৰে কলকাতা আন্তর্জাতিক চলচ্চিত্র উৎসৱত সংগীত শিল্পী অৰিজিৎ সিঙৰ এটা ভিডিঅ’ টুইট কৰিছিল বিজেপিৰ আইটি চেলৰ প্রধান অমিত মালবীয়ই । এই ভিডিঅ’ত মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ৰ অনুৰোধত গীতৰ দুটা কলি গাইছিল অৰিজিতে । সেইটো শ্বাহৰুখ অভিনীত ‘দিলৱালে’ ছবিৰ গীত — ‘ৰং দে তু মোহে গেৰুৱা ।’
At the Kolkata Film Festival, Mamata Banerjee asked Arijit Singh to sing one of his favourites and he chose रंग दे तू मोहे गेरुआ…
It was an evening of realisations. From Mr Bachchan to Arijit, who reminded Mamata Banerjee, in her backyard, that the future of Bengal is saffron… pic.twitter.com/57n2RztC8B
— Amit Malviya (@amitmalviya) December 16, 2022
অমিতৰ ‘গেৰুৱা কটাক্ষ’ বুজিব পাৰি এই টুইটৰ কমেন্টত স্মৃতি ইৰানিৰ এটা ভিডিঅ’ প’ষ্ট কৰিলে তৃণমূল নেতা ৰিজু দত্তই । ভিডিঅ’টো ১৯৯৮ৰ । মিছ ইণ্ডিয়া প্রতিযোগিতাত অংশ লোৱা ইৰানিক দেখা গৈছে গেৰুৱা সাঁতুৰ পোছাকত । টুইটাৰত কেপছনত তৃণমূল নেতাগৰাকীয়ে লিখে, ‘‘ৰং দে তু মোহে গেৰুৱা ।’’
এই ভিডিঅ’ প’ষ্টৰ পৰিপ্রেক্ষিতত তীব্র প্রতিক্রিয়া জনাইছে বিজেপি সাংসদ লকেট চট্টোপাধ্যায়ে । তৃণমূল নেতাক মহিলাবিদ্বেষী বুলি কটাক্ষ কৰে তেওঁ ।
Shame on Mamata Banerjee for appointing such misogynist men as TMC’s national spokesperson. He has no respect for women and the choices they make in life. They resent successful women and their rise. Men like him are responsible for rising crime against women. https://t.co/56WntLxKgb
— Locket Chatterjee (@me_locket) December 16, 2022
চট্টোপাধ্যায়ে টুইটাৰত লিখে, ‘‘এই ধৰণৰ অসামাজিক পুৰুষসকলক ৰাষ্ট্ৰীয় মুখপাত্র হিচাপে নিয়োগ কৰাৰ বাবে তৃণমূলক ধিক্কাৰ । এওঁলোকে নাৰীক সন্মান কৰিব নোৱাৰে । ব্যক্তিগত জীৱনো এওঁলোকৰ পছন্দ এনেকোৱাই । এওঁলোকে কোনো সফল মহিলা আৰু তেওঁলোকৰ উত্থানক কটাক্ষ কৰে ।’’
ইয়াৰ প্রতিক্রিয়াত পুনৰ তৃণমূলৰ দত্তই লিখে, ‘‘গেৰুৱা ৰং কোনো দলৰ পৈতৃক সম্পত্তি নয় ।’’ অভিনেত্রী-সাংসদক উদ্দেশ্যি তেওঁ এইটোও লিখে, ‘‘যেতিয়া দীপিকা পাডুক’ননে গেৰুৱা ৰঙৰ পোছাক (বিকিনি) পৰিধান কৰে, তেতিয়া আপোনালোকৰ প্ৰতিক্ৰিয়া আৰম্ভ হয় । আৰু স্মৃতি ইৰানিয়ে কৰিলে আপোনালোক অন্ধ হৈ যায় । ভণ্ড !’’
প্রসংগত, পাঠান ছবিৰ ‘বেছৰম’ গীতত দীপিকাৰ ছবি মধ্যপ্রদেশৰ গৃহমন্ত্রী তথা বিজেপি নেতা নৰোত্তম মিশ্রৰ দাবী, ‘বয়া উদ্দেশ্য’ লৈ এই গীতৰ ভিডিঅ’ শ্বুট কৰা হৈছে ।
তেওঁৰ দাবী, এই গীতৰ দৃশ্য ‘কুৰুচিকৰ আৰু অশ্লীল’ । ছবিৰ পৰা এই গীতৰ দৃশ্য আঁতৰাই নিদিলে মধ্যপ্রদেশত ‘পাঠান’ৰ প্রদর্শন নহ’ব বুলিও মন্তব্য কৰিছে তেওঁ ।