টোপনিৰ পিছত সম্পূর্ণ সজীৱতা অনুভৱ কৰিবলৈ হ’লে টোপনিৰ সময়ছোৱাত ৪৫ৰ পৰা ৫০ মিনিটৰ ডেল্টা ৱেভ Delta Wave)ৰ প্রয়োজন হয়৷ প্রথম দুটাSleep Cycleৰ সময়ত আমি প্রতিটোতে ২০ মিনিটকৈ মুঠ ৪০ মিনিট সময়ৰ ডেল্টা ৱেভ পাওঁ৷ তৃতীয় শ্লিপ চাইকলৰ Sleep Cycle) পিছত আৰু ডেল্টা ৱেভ উৎপন্ন নহয়৷ সেয়েহে ছয় ঘণ্টাৰ পিছত শুই থকাটো কেৱল এক মানসিক সন্তুষ্টিহে মাথোঁ৷ ই কেৱল সময়ৰ অপচয় আৰু শক্তি হ্রাসহে কৰে৷ সেইবাবে বহু সময় শুই থাকিলে ভাগৰুৱাহে অনুভৱ হয়৷
দুপৰীয়া ভোজনৰ পিছত ২৫ৰ পৰা ৩০ মিনিট সময় টোপনি মাৰিলে পুনৰ তাৰ পিছৰ সময়ছোৱাৰ বাবে সজীৱতা অনুভৱ কৰা যায়৷ এই সম্পর্কে বহু ধৰণৰ গৱেষণা কৰা হৈছে৷NASA (National Aeronautic & Space Administration)ৰ গৱেষণা মতে দুপৰীয়া ২৫ মিনিট সময় টোপনি মাৰিলে এজন মানুহৰ কার্যক্ষমতা ৩৬ শতাংশ বৃদ্ধি পায়৷ টোপনি যোৱাৰ সঠিক সময় হ’ল ৰাতি ১০ বজাৰ পৰা পুৱা ৪ বজালৈকে নাইবা ৰাতি ১১ বজাৰ পৰা পুৱা ৫ বজালৈকে৷
পৰশমণি বৰা