মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ শিক্ষাৰ্থীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত নহ’ল । তাৰ পৰিৱৰ্তে বিকল্প মূল্যায়ন ব্যৱস্থাৰে অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) মেট্ৰিক আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । যাক লৈ যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছিল । আনকি অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে প্ৰতিবাদো কৰিছিল ।

অৱশ্যে ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীকলৰ বাবে শিক্ষা বিভাগে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ মূল্যায়নৰ ব্যৱস্থাত অকৃতকার্য হোৱা ৩০ হাজাৰৰো অধিক শিক্ষার্থীৰ ভিতৰত ২২ হাজাৰ শিক্ষার্থীয়ে ছেপ্টেম্বৰত হ’বলগীয়া বিশেষ পৰীক্ষাত অৱতীর্ণ হ’ব ।

আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ ফলাফলত অনুত্তীর্ণ হোৱা ২৫০০ গৰাকী শিক্ষার্থীৰ ভিতৰত পুনৰ পৰীক্ষাত বহিব ১,৮০০ গৰাকী শিক্ষাৰ্থীয়ে ।

উল্লেখ্য যে, ক’ভিড সংক্ৰমণৰ বাবে এই বছৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল কৰি মূল্যায়নৰ ব্যৱস্থাৰে ফলাফল ঘোষণা কৰা হৈছিল । এইবাৰৰ ফলাফলে উত্তীর্ণৰ হাৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে যদিও ফলাফলত সন্তুষ্ট নোহোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিকল্প হিচাপে বিশেষ পৰীক্ষা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ ফলাফলত ৪,২৬,৫৫৩ শিক্ষার্থীৰ ভিতৰত ৩,৯৭,১৩২ গৰাকী শিক্ষার্থীয়ে কৃতকার্যতা লাভ কৰে যদিও ২৯,৪২১ শিক্ষার্থী অনুত্তীর্ণ হয় । আনহাতে, হাইমাদাছাৰ মূল্যায়নৰ ফলাফলত ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১১,৪৩৮ শিক্ষার্থী উত্তীর্ণ হয় আৰু ৮৬৭ গৰাকী শিক্ষার্থী বিফল হয় । হাইস্কুল শিক্ষান্ত আৰু হাইমাদাছাৰ অনুত্তীৰ্ণ মুঠ ৩০,২৮৮ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত প্ৰায় ২২ হেজাৰ শিক্ষাৰ্থীয়ে বিশেষ পৰীক্ষাৰ বাবে ইতিমধ্যে আবেদন জনাইছে ।

একেদৰে দ্বাদশ শ্ৰেণীৰ মূল্যায়নৰ ফলাফলত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত উত্তীর্ণৰ হাৰ হৈছে ক্ৰমে ৯৮.৯৩ শতাংশ, ৯৯.৫৭ শতাংশ আৰু ৯৯.০৬ শতাংশ । কলা শাখাত ২,০৬২ গৰাকী, বাণিজ্য শাখাত ৭৯ গৰাকী আৰু বিজ্ঞান শাখাত ৩৬২ গৰাকী শিক্ষার্থীহে অনুত্তীর্ণ হয় ।

দ্বাদশ শ্ৰেণীৰ মূল্যায়নৰ ফলাফলত অসফল হোৱা ২,৫০৩ শিক্ষার্থীৰ ভিতৰত ১,৮০০ গৰাকীয়ে বিশেষ পৰীক্ষাৰ বাবে আবেদন জনাইছে । মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাত অৱতীর্ণ হ’বলৈ বিচৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই মূল্যায়নৰ ফলাফলত অনুত্তীৰ্ণ হোৱা । আনহাতে, অতি নগণ্য সংখ্যক শিক্ষার্থীয়ে উত্তীর্ণ হোৱাৰ পাছত ফলাফলক লৈ অসন্তুষ্ট হৈ বিশেষ পৰীক্ষাত বহিবলৈ বিচাৰিছে ।

অফলাইনত অর্থাৎ পৰীক্ষা কেন্দ্ৰত দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা পৰিষদ আৰু শিক্ষা সংসদে স্বাস্থ্য বিভাগৰ পৰা অনুমতি ল’ব লাগিব । অৱশ্যে ছেপ্তেম্বৰ মাহৰ পৰা ক’ভিড কেন্দ্ৰীক নীতি-নিৰ্দেশনাত যথেষ্ট শিথিলতা দিয়াৰ সম্ভাৱনা আছে । তাৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহত বিশেষ পৰীক্ষাকেইটা অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত ।

GTM Desk

Related