বদহজম হোৱাৰ কেইটামান কাৰণ

1 min read

বদহজম হোৱাৰ কেইটামান কাৰণ! এই ঘৰুৱা উপায়েৰে-বদহজম দূৰ কৰক।

*অতিমাত্ৰা খাদ্য খালে-প্ৰায়ে বদহজম হয়।আকৌ-vapsa,য়েও পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।উৎসৱ-পাৰ্ৱণৰ সময়ত গধূৰ তেল-মছলাযুক্ত খাদ্য খালে-পেটৰ বিষ, পেট-ফুলা,ডায়েৰিয়া আদি সমস্যাৰ সৃষ্টি হব পাৰে।ইয়াৰ অধিকাংশ পাচনতন্ত্ৰ বিঘিনিৰ বাবেই হয়।

*ডাঃ হাৰ্বেল গৱেষকৰ তথ্য অনুসৰি-

১/খোৱাৰ সময়ত খৰখেদা নকৰিব।সময় উলিয়াই লাহে-লাহে খাদ্য চোবাই শেষ কৰক।খৰখেদাকৈ খালে-খাদ্য সঠিকভাৱে হজম নহয়।তাৰ বাহিৰেও-কিছু পৰিমাণে বায়ু পেটত প্ৰৱেশ কৰে।

*খাদ্যৰ সময়ত আৰু খাদ্যৰ মাজত-অধিক পানী খালে-পেটৰ এচিড দুৰ্বল হৈ পৰে আৰু খাদ্য সঠিকভাৱে ভাঙি পেলাব নোঁৱাৰে।গতিকে-খাদ্য খোৱাৰ কমেও-৩০মিনিট আগে-১গিলাচ পানী খাব লাগে।খোৱাৰ সময়ত পানী খাব নালাগে।খোৱাৰ পাছত অলপ পানী খাব লাগে।

*ধূমপান-চুইংগাম আৰু ষ্ট্ৰৰেজুচ আদি খোৱাৰ ফলত গেছৰ প্ৰৱণতা বৃদ্ধি হয়।গতিকে-এনেবোৰ খোৱাটো পৰিহাৰ কৰক।

*কোষ্ঠকাঠিন্য হলে-পেট ফুলে।গতিকে কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিবলৈ-আঁহযুক্ত খাদ্য খাব লাগে।পৰ্যাপ্ত পৰিমাণে-পানী খাব লাগে।

*বিভিন্ন ধৰণৰ খাদ্য হজম কৰাত-সকলোৰে অসুবিধা হয়।যিসকলৰ-লেক্টজ অসহিষ্ণুতা আছে-তেওঁলোকে গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী খাব নোঁৱাৰে।চেনিযুক্ত খাদ্য যেনে-ফলৰ ৰস-চকলেট আদি।বহুতৰে সমস্যা হয়।কিছুমানৰ ৰুটি,বাৰ্লি বা দালিৰেও সমস্যা হয়।সেয়ে-বদহজম ৰোগীয়ে-গাখীৰ বা মিঠাই  খাব নালাগে।

You May Also Like

More From Author