কাপোৰৰ পৰা চাহৰ দাগ ঘৰতে সহজে আঁতৰাই পেলাওক এনেকৈ !

1 min read

কম বেছি পৰিমাণে আমি সকলোৱে চাহ খাওঁ । গৰম চাহ একাপ খাই বহুতে পুৱা আৰাম্ভ হয় । কিছুমানৰ বাবে চাহ নোখোৱাকৈ কথা-বতৰা সম্পূৰ্ণ নহয় ।

কিন্তু বহুবাৰ এই চাহে আমাৰ প্ৰিয় কাপোৰত দাগ পেলায়, তেতিয়া কেনেকুৱা লাগে ? সকলো দোষ চাহৰ ওপৰত পৰে । আৰু সেই চাহৰ দাগবোৰ আঁতৰোৱাটো অসম্ভৱ হৈ পৰে । অৱশ্যে কিছুমান ঘৰুৱা উপায়েৰে চাহৰ দাগ সহজে আঁতৰাই পেলাব পাৰি । ইয়াত কিছুমান উপযোগী টিপছ দিয়া হ’ল –

গৰম পানী
কপাহী কাপোৰৰ পৰা চাহৰ দাগ আঁতৰোৱাৰ এটা অতি সহজ উপায় হ’ল গৰম পানী ব্যৱহাৰ কৰা । চাহৰ দাগটোৰ ওপৰত গৰম পানী ঢালি দিব । এতিয়া সেই দাগটো কেইবাবাৰো ঘঁহিব লাগে । দেখিব যে অলপ সময়ৰ ভিতৰতে দাগটো নাইকিয়া হৈ গৈছে ।

ভিনেগাৰ
চাহৰ দাগ আঁতৰোৱাৰ আন এক ফলপ্ৰসূ উপায় হ’ল ভিনেগাৰ । কেইকাপমান পানীত এচামুচ ভিনেগাৰ মিহলাই চাহৰ দাগটোত স্প্ৰে’ কৰিব । তাৰ পিছত লাহে লাহে ঘঁহিব । দেখিব যে দাগটো নাইকিয়া হৈছে ।

বেকিং চ’ডা
চাহৰ দাগটোত এচামুচ বেকিং চ’ডা দিব । তাৰ পিছত ঘঁহিব । অলপ ৰৈ থাকক । তাৰ পিছত পানীৰে ধুব লাগে ।

টুথপেষ্ট
আমোদজনক কথাটো হ’ল, টুথপেষ্টেৰেও চাহৰ দাগ আঁতৰাব পাৰি । চাহৰ দাগটোত কিছু টুথপেষ্ট লগাই দিব । ১৫ মিনিটৰ পিছত ধুই পেলাব লাগে । ই কাপোৰৰ ক্ষতি নকৰাকৈ দাগ আঁতৰাই পেলায় ।

কণীৰ বগা অংশ
কণীৰ কুহুমখিনি বিট কৰক । তাৰ পিছত দাগটোত লগাব লাগে । ১ মিনিট অপেক্ষা কৰক । তাৰ পিছত ঘঁহি পানীৰে ভালদৰে ধুব লাগে । যদি প্ৰথম ধোৱাৰ ফলত দাগটো আঁতৰি নাযায় তেন্তে পুনৰ কৰক । দেখিব দাগটো নোহোৱা হৈ গৈছে ।

You May Also Like

More From Author