24.4 C
Assam
Tuesday, March 21, 2023

Featured News

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

অৱশেষত বেদখলমুক্ত হ’ল চৰাইদেউৰ চুকাফা মৈদাম!

Assamese Newsঅৱশেষত বেদখলমুক্ত হ'ল চৰাইদেউৰ চুকাফা মৈদাম!

বেদখল উচ্ছেদ কৰিলে প্ৰশাসনে

অৱশেষত বেদখলমুক্ত হ’ল চৰাইদেউৰ চুকাফা মৈদাম। বেদখল উচ্ছেদ কৰিলে প্ৰশাসনে। চাওলুং চুকাফাৰ মৈদাম সংৰক্ষণৰ চিন্তা-চৰ্চা কৰা বুলি মন্তব্য সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।

দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামটো অৱশেষত বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰশাসনে। মন কৰিবলগীয়া যে ২০১৫ চনত বিভিন্ন আহোম পুথি, বুৰঞ্জীবিদ, টাই পণ্ডিত-গৱেষকৰ তথ্যৰ ভিত্তিত চুকাফাই উপাসনা কৰা লাংকুৰী দেওশালৰ উত্তৰ দিশত বিভিন্ন দল সংগঠনৰ সহযোগত চাৰিটা মৈদাম উদ্ধাৰ কৰা হয়। ইয়াৰে প্ৰথমটো স্বৰ্গদেউ চাওলুং চুকাফাৰ আৰু আন কেইটা ক্ৰমে চুটেউফা, চুবিনফা আৰু চুখামফাৰ মৈদাম বুলি ঠাৱৰ কৰে বুৰঞ্জীবিদসকলে।

কিন্তু পৰিতাপৰ কথা ২০১৫ চনতে উদ্ধাৰ কৰাৰ পাছতো চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাছিল। যাৰ ফলত মৈদামৰ মাটি বেদখল কৰি একাংশ লোকে ঘৰ সাজি বাস কৰা লগতে চাহ বাগিচা স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত মৈদামৰ মাটি দখলমুক্ত কৰাৰ লগতে মৈদাম সংৰক্ষণৰ দাবী উত্থাপন কৰিছিল বিভিন্ন দল-সংগঠনে। ইয়াৰ পাছতেই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত মৈদামৰ মাটি দখলমুক্ত কৰাৰ লগতে সম্প্ৰতি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ চিন্তা চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!