২০২৫লৈ কাৰাগাৰতে থাকিব লাগিব চুমি বৰা! চুমি বৰাক লৈ এক ডাঙৰ খবৰ!

২০২৫লৈ কাৰাগাৰতে থাকিব লাগিব চুমি বৰা! চুমি বৰাক লৈ এক ডাঙৰ খবৰ!

হাড় কঁপোৱা শীতত কাৰাগাৰত সময় কটাইছে চুমিয়েই। বিলাসী জীৱন কটোৱা চুমিয়ে এতিয়া থাকিব লগা হৈছে কাৰাগাৰৰ অন্ধাকাৰ কুঠৰীত।

পুনৰ চৰ্চালৈ আহিছে ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰীৰ অন্যতম খলনায়িকা চুমি বৰাৰ প্ৰসংগ। আদালতত জামিন বিচাৰি-বিচাৰি ভাগৰি পৰিছে চুমি বৰা।

ইতিমধ্যে চুমি বৰাৰ বিৰুদ্ধে থকা ডিব্ৰুগড় থানা গোচৰ আৰু CBIত ৰুজু হোৱা গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিছে তদন্তকাৰী দলে।

পূৰ্বে ৩ বাৰকৈ নাকচ হৈছিল চুমি বৰাৰ জামিন আবেদন। এতিয়া আৰু জামিন বিচাৰি আদালতত দেখুৱাবলৈ বিশেষ কাৰণ নাই চুমি বৰাৰ ওচৰত।

ডিব্ৰুগড় থানাত গোচৰত ইতিমধ্যে জামিন আবেদন নাকচ হৈছে চুমি বৰাৰ।

সূত্ৰৰ খবৰ অনুসৰি তদন্তকাৰী দলে তদন্তত ব্যাঘাত জন্মাৰ যুক্তি দৰ্শাই বিৰোধিতা কৰে চুমি বৰাৰ জামিনৰ।

বিশেষ সূত্ৰে লাভ কৰা খবৰ অনুসৰি কাৰাগাৰতে থাকিব লাগিব চুমি বৰা।

Shahnawaz Hamza