সোমবাৰে বিজেপিত যোগ দিব সুশান্ত বৰগোহাঁয়ে

1 min read

অহা সোমবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব থাওৰা সমষ্টিৰ কংগ্রেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপি নেতৃত্বৰ উপস্থিতিত বিধায়ক বৰগোহাঁয়ে বিজেপিৰ সদস্য পদ গ্রহণ কৰিব৷ ইতিমধ্যে বৰগোহাঁয়ে কংগ্রেছৰ প্রাথমিক সদস্য পদ ত্যাগ কৰি শনিবাৰে গুৱাহাটী অভিমুখে ৰাওনা হয়৷ এই সম্পর্কত সংবাদ মাধ্যমৰ আগত বৰগোহাঁয়ে কয় যে কংগ্রেছ দল এৰাটো তেওঁৰ বাবে কঠোৰ সিদ্ধান্ত৷

কংগ্রেছ দলৰ পৰাই তেওঁ ৰাজনৈতিক পৰিচয় লাভ কৰিলে৷ কিন্তু সমষ্টিৰ বৃহত্তৰ ৰাইজৰ উন্নয়ন আৰু উন্নতিৰ স্বার্থত তেওঁ বিজেপিত যোগদানৰ সিদ্ধান্ত গ্রহণ কৰিবলৈ বাধ্য হয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠিত চৰকাৰখনে যি গতিৰে কাম–কাজ আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্রী ড০ শর্মাৰ প্রতি আস্থা আৰু বিশ্বাসৰ বাবেই তেওঁ বিজেপিত যোগদানৰ বাবে আগবাঢ়িছে৷ কংগ্রেছ দলৰ ভৱিষ্যতৰ প্রসংগত বৰগোহাঁয়ে কয় যে কংগ্রেছত বহু আভ্যন্তৰীণ বিষয় আছে, যিখিনি ভালদৰে বিশ্লেষণ হ’লে অনাগত দিনত দলটো শক্তিশালী হ’ব৷ যদি বিশ্লেষণ নহয়, বিজেপি দলৰ লগত কংগ্রেছে ফেৰ মাৰিব নোৱাৰিব৷ এই প্রসংগতে তেওঁ কয় যে জনপ্রতিনিধি হিচাপে তেওঁলোক নির্বাচিত হৈ অহাৰ লগে লগে নৱপ্রজন্মই তেওঁলোকৰ পৰা বহুত আশা কৰে৷ সমষ্টিৰ উন্নয়নকে ধৰি যুৱক–যুৱতীৰ সংস্থাপনকে ধৰি বিভিন্ন বিষয় আহি পৰে৷ কিন্তু কংগ্রেছৰ বিধায়িনী বৈঠকত এনেবোৰ বিষয়ক লৈ খুব কম আলোচনা হয়৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী ড০ শর্মা নেতৃত্বাধীন বর্তমানৰ চৰকাৰখনে নতুন প্রজন্মৰ সংস্থাপন দিয়াৰ লগতে সমস্যা সমাধানৰ বাবে বহু পৰিকল্পনা কৰিছে৷ সীমান্তৰ সমস্যা সমাধানৰ ক্ষেত্রতো ৰাইজে মুখ্যমন্ত্রীৰ ওপৰত আস্থা ৰাখিছে৷ আমাৰো মুখ্যমন্ত্রীৰ ওপৰত তেনে আস্থা–বিশ্বাস আছে৷ সেইদৰে অসমীয়া জাতিক সুৰক্ষিত কৰাৰ বাবে নৃগোষ্ঠীয়সকলৰ কলা–কৃষ্টি সংৰক্ষণ কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্রীয়ে নতুন বিভাগ এটা খোলাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে অসমীয়া জাতি সুৰক্ষিত হ’ব৷

বিজেপিত যোগদানৰ পাছত আসন্ন থাওৰা সমষ্টিৰ উপ–নির্বাচনত তেওঁ দলীয় প্রার্থিত্ব বিচাৰিব বুলি উল্লেখ কৰি কয় যে যোৱা ১৫টা বছৰত সমষ্টিটোত স্থবিৰতা আহিছে৷ মাজতে ৫টা বছৰ তেওঁ সমষ্টিটোত বিধায়ক হৈছিল যদিও সেই সময়ত বিশেষ উন্নয়নমূলক কাম–কাজ নহ’ল৷ তেওঁ আৰু কয় যে বর্তমান বিধানসভাৰ অধ্যক্ষ লাইলাপুৰত আছে৷ গুৱাহাটীলৈ উভতি অহাৰ পাছতেই তেওঁ অধ্যক্ষক সাক্ষাৎ কৰি বিধায়ক পদ ত্যাগ কৰিব৷ -(Sc: Niyomiya Barta)

You May Also Like

More From Author