ৰাতিপুৱাৰ গৰম চাহ বা কফি কাপে দেহৰ উপকাৰতকৈ অপকাৰহে কৰে

ৰাতিপুৱাৰ গৰম চাহ বা কফি কাপে দেহৰ উপকাৰতকৈ অপকাৰহে কৰে

বেছিভাগ মানুহেই গৰম চাহ বা কফি একাপ খাই নিজৰ দিনটোৰ আৰম্ভণি কৰি ভাল পায় । কিন্তু বিশেষজ্ঞসকলৰ মতে এই অভ্যাসে আপোনাৰ শৰীৰৰ উপকাৰতকৈ অধিক ক্ষতিহে কৰিব পাৰে। ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাঃ ৰোহিনী পাটিলে কৈছিল যে, “চাহ হয়তো আৰামদায়ক পানীয় হ’ব পাৰে, কিন্তু প্ৰতিদিনে পুৱা খালী পেটত ইয়াক খালে পেটত এচিডৰ সৃষ্টিহে হ’ব পাৰে আৰু ইয়ে মানুহৰ হজম শক্তি ধ্বংস কৰিব পাৰে ।”

বিশেষজ্ঞগৰাকীয়ে লগতে কৈছিল, “ৰাতিপুৱা চাহে আপোনাৰ মুখৰ পৰা আভ্যন্তৰীণ অংগ সমূহলৈ থকা বেক্টেৰিয়াবোৰ ধুই পেলাব । যিয়ে আপোনাৰ বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে আৰু বদহজম আৰু অৰ্শ ৰোগ সৃষ্টি কৰিব পাৰে।” বিশেষজ্ঞগৰাকীয়ে লগতে কৈছিল। চাহ আৰু কফিৰ পি এইচ মান ক্ৰমে ৪ আৰু ৫, যাৰ বাবে ইহঁতে এচিডিটিৰ সৃষ্টি কৰিব পাৰে। কিন্তু এই পানীয়সমূহ খোৱাৰ আগতে এগিলাচ পানী সেৱন কৰিলে এচিড উৎপাদন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব । অন্যথা ইয়ে মানুহক আলচাৰত ভোগাব পাৰে ।”

GTM Desk

Related