টীয়কৰ ৰাজপথত এতিয়া ধূলিৰ ধুমুহা; অস্বাস্থ্যকৰ পৰিবেশত দিন পাৰ কৰিছে নগৰবাসীয়ে l

টীয়কৰ ৰাজপথত এতিয়া ধূলিৰ ধুমুহা; অস্বাস্থ্যকৰ পৰিবেশত দিন পাৰ কৰিছে নগৰবাসীয়ে l

টীয়ক নগৰলৈ আহিবলৈ এতিয়া ভয় খাইছে সাধাৰণ ৰাইজে।কাৰণ টীয়কৰ ৰাজপথত ফাগুনৰ মলয়াৰ ঠাইত বলিছে ধূলিৰ ধুমুহা। নিৰ্মাণত অৱস্থাত থকা চাৰিলেনযুক্ত পথে ইতিমধ্য বছৰ বছৰ ধৰি জলাকলা খুৱাইছে ৰাইজক।এতিয়া ফাগুন মাহ। এই ফাগুন মাহ এতিয়া টীয়কবাসীৰ বাবে অভিশাপত পৰিণত হৈছে।ফাগুনৰ বতাহে সকলোকে উন্মনা কৰাৰ সময়ত কিন্তু ফাগুনৰ মলয়া এতিয়া কাললৈ পৰিবৰ্তন হৈছে টীয়কবাসীৰ বাবে।কিয়নো বতাহৰ ফলত বিশেষকৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ব্যৱহৃত শিল বালি পলসৰ ধূলিয়ে এতিয়া পৰিবেশ ধূলিময় কৰি তুলিছে যাৰ ফলত পথাচাৰীসকল বাৰুকৈ অসুবিধাত পৰিছে।বিশেষকৈ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী তথা মটৰচাইকেল স্কুটি আৰোহীসকলৰ পথছোৱাৰ ওপৰেদি অহা যোৱা কৰোতে ধূলিৰ মাজেৰেই আহিবলগীয়া হৈছে।মুঠতে ৰাষ্ট্ৰীয় ঘাই পথত এতিয়া ধূলিৰ ধুমুহা, ধুৱলী কুঁৱলী।যাৰ ফলত বহুসংখ্যক ৰাইজ এতিয়া জ্বৰ,কাহকে ধৰি উশাহ নিশা আদি ৰোগত আক্ৰান্ত হৈছে।বিশেষকৈ শিশুসকল এই কদৰ্যময় পৰিবেশৰ স্বীকাৰ হৈছে।দৈনিক বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা।চৰকাৰী চিকিৎসালয়ৰ সমান্তৰালকৈ ব্যক্তিগত চিকিৎসা কক্ষসমূহ এতিয়া ৰোগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। ইপিনে এই ক্ষেত্ৰত এই পৰ্যন্ত গুৰুত্ব দিয়া দেখা নাই টীয়ক পৌৰসভাই।

GTM Desk

Related