28.1 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

মেট্ৰিকত ডিষ্টিংচন পোৱাৰ দিনটোতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং জগতত শীৰ্ষ স্থান দখল টীয়কৰ ৰিমজিম
বৰাৰ ।

Assamese Newsমেট্ৰিকত ডিষ্টিংচন পোৱাৰ দিনটোতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং জগতত শীৰ্ষ স্থান দখল টীয়কৰ ৰিমজিমবৰাৰ ।

টীয়কৰ প্ৰতিবেদক ২৫ মে/২৩

টীয়কৰ এগৰাকী ছাত্ৰীৰ দুটা ভাল খবৰে এতিয়া সমূহ টীয়কবাসীক উৎফুল্লিত কৰি তুলিছে। টীয়কৰ হাঁহচৰা নিবাসী বিমান বৰা আৰু জোণমণি বৰাৰ কনিষ্ঠ জী ৰিমজিম বৰাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰাৰ সমান্তৰালকৈ সোণত সুৱগা চৰাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত মডেলিং প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।সুদূৰ নতুন দিল্লীত গ্লবেল ইণ্ডিয়া চানচাইনৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত মডেলিং প্ৰতিযোগিতাৰ MISS GLOBLE INDIA SUNSINE MEGA TEEN খিতাপ দখল কৰিছে ৰিমজিমে।উল্লেখযোগ্য যে ইতিমধ্য ৰিমজিমে ইয়াৰ পূৰ্বে অসমৰ বহুকেইটা আগশাৰীৰ মডেলিং প্ৰতিযোগিতাত বিভিন্ন বিষয়ত সুনাম অৰ্জন কৰি পৰিয়ালৰ লগতে সমূহ টীয়কবাসীক গৌৰৱাম্বিত কৰি আহিছে।শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত ৰিমজিমে লাভ কৰা এই সফলতাই এতিয়া সকলোৰে মুখত হাঁহি বিৰিঙাইছে।ইপিনে পঢ়াৰ সমান্তৰালকৈ মডেলিং জগতত এইদৰে আগুৱাই গৈ অনাগত দিনত MISS INDIA ৰ মঞ্চত ৰেম্প ৱাক কৰাৰ হেপাহ মন ৰাখিছে ৰিমজিমে।সেয়ে এইক্ষেত্ৰত যাতে তেওঁ সফল হয় এই মুহূৰ্তত তেওঁ সমূহ ৰাইজৰে আশীষ কামনা কৰিছে।ইপিনে হাঁহচৰাৰ দৰে অঞ্চলৰ পৰা গৈ এই বয়সতে সৰ্বভাৰতীয় পৰ্যায়ত বিশেষকৈ মডেলিং জগতত সুনাম কঢ়িয়াওৱাৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো ৰিমজিমৰ যি পাৰদৰ্শিতা তাক সকলোৱে আদৰ্শ বুলি অভিহিত কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!