টীয়কৰ হাঁহচৰাত কলিয়াপানী বিজেপি অবিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত সদৌ অসম দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত

টীয়কৰ হাঁহচৰাত কলিয়াপানী বিজেপি অবিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত সদৌ অসম দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত

টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল বিজেপিৰ অবিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত কালি সন্ধ্যা ৰ পৰা হাঁহচৰাত চাৰিদিনীয়াকৈ সদৌ অসম ভিত্তিক প্ৰাইজমণি দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। কলিয়াপানী মণ্ডল বিজেপিৰ উপ সভাপতি অভিজিত বৰুৱাই আতধৰা উক্ত প্ৰতিযোগিতাৰ উদ্বোধনী সভাত জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি পাশ্বজ্যোতি বৰা,কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি অজয় ভট্টাচাৰ্য,যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহকৰ সদস্য দ্বীপ কলিতা,কাৰ্যনিৰ্বাহক সদস্যা ৰুমী চেতীয়া,কলিয়াপানী মণ্ডল অবিচি মৰ্চাৰ সভাপতি মন্টু শইকীয়াকে প্ৰমুখ্য কৰি সমষ্টিৰ অন্তৰ্গত কলিয়াপানী আৰু চিপাহীখোলা মণ্ডলৰ সকলো কাৰ্যকৰ্তাৰ লগতে স্থানীয় বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।উল্লেখযোগ্য যে যোৰহাট জিলা বিজেপি যুৱ মৰ্চাই বিগত সময়ছোৱাত জিলাখনৰ বিভিন্ন প্ৰান্তত ফুটবল,ক্ৰিকেট,ভলীবল,বেডমিন্টন আদিৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি যুৱচামৰ মাজত ভাতৃত্ববোধ তথা শান্তি সম্প্ৰীতিৰ সৃষ্টি কৰি সুস্থ পৰিবেশ, সমাজ গঢ়াৰ চেষ্টা কৰি আহিছে আৰু এয়া তাৰে এক ক্ষুদ্ৰতম প্ৰয়াস বুলি অভিহিত কৰিছে আৰু আগন্তুক দিনবোৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।লগতে এই ক্ৰীড়া প্ৰতিযোগিতাসমূহত পৰাই ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

GTM Desk

Related