ঢেকীয়াখোৱা বৰনামঘৰত ষ্টিফেন আৰু হিলাৰী//অসমীয়াৰ আদৰত অভিভূত দুয়ো

ঢেকীয়াখোৱা বৰনামঘৰত ষ্টিফেন আৰু হিলাৰী//অসমীয়াৰ আদৰত অভিভূত দুয়ো

“অসমৰ লোকসকল বৰ দয়ালুআৰু মৰমীয়াল।আমি অসমলৈ আহি অভিভূত হৈ পৰিলো।”- এই মন্তব্য লণ্ডনৰ পৰা অসমলৈ বুলি ভ্ৰমণত অহা ষ্টিফেন আৰু হিলাৰীৰ।

মংগলবাৰে যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হোৱা দুয়োগৰাকী বিদেশী পৰ্যটকে নামঘৰত সেৱা লোৱা লগতে ঢেকীয়াখোৱা বৰনামঘৰৰ ইতিহাস জানিবলৈ চেষ্টা কৰে।ইপিনে গুৰু শংকৰ মাধৱৰ বিষয়ে জানি অভিভূত হৈ পৰা দুয়োগৰাকী পৰ্যটকক নামঘৰ পৰিচালনা সমিতিয়ে অসমীয়া গামোচাৰে আদৰণি জনায়।

উল্লেখ্য যে ক’ভিডৰ ভয়াবহতাৰ পাছত স্বাভাৱিক অৱস্থা ঘুৰি অহাৰ পাছতেই ক্ৰমাৎ বৃদ্ধি পাইছে অসমলৈ বিদেশী পৰ্যটকসকলৰ আগমন।

GTM Desk

Related