25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

টীয়কত দিন ডকাইত!!

Assamese Newsটীয়কত দিন ডকাইত!!

টীয়কত সংঘটিত এক দিন ডকাইতৰ ঘটনাই সমগ্ৰ নগৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে টীয়ক নগৰৰ মাজমজিয়াস্থিত এচ বি আইৰ শাখাৰ তলৰ থকা এ টি এম চেন্টাৰৰ পৰা এটিএম কাৰ্ড সলনি কৰি দুৰ্বৃত্তই লুটিলে ৪০,০০০/- কৈ টকা। টীয়ক তেলীয়া গাঁৱৰ ধৰ্মেশ্বৰ দাস নামৰ ব্যক্তি জনৰ পৰা প্ৰৱঞ্চনাৰে লুটিলে এই ধন।কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল ব্যক্তিজন।কোনো প্ৰয়োজনত ব্যক্তিজনে আজি দুপৰীয়া নগদ ধন উলিয়াবলৈ এই টি এমলৈ আহিছিল আৰু এ টি এমৰ ভিতৰতে উক্ত হিন্দীভাষী প্ৰৱঞ্চকটোৱে কৌশলেৰে ব্যক্তিগৰাকীৰ এ টি এম কাৰ্ডখন সলনি কৰি কিছু সময়ৰ পাছত টীয়কৰে অন্য কোনো এটিএমৰ পৰা নগদ চল্লিছ হাজাৰ টকা উলিয়াই উধাও হয়।
ইতিমধ্যে ব্যক্তিজনে টীয়ক আৰক্ষী থানাত এজাহাৰ দিছে আৰু আৰক্ষীয়েও প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!