টীয়কৰ ঔগুৰিত সাতঁদিনীয়াকৈ শ্ৰীমদ্ভাগৱত কথা জ্ঞানযজ্ঞ সমাৰোহ অনুষ্ঠিত l

টীয়কৰ ঔগুৰিত সাতঁদিনীয়াকৈ শ্ৰীমদ্ভাগৱত কথা জ্ঞানযজ্ঞ সমাৰোহ অনুষ্ঠিত l

 

টীয়কৰ প্ৰতিবেদক ৯ এপ্রিল/২৩

টীয়কৰ ঔগুৰি নেপালী গাঁৱৰ ৰাইজৰ উদ্যোগত যোৱা ৩ এপ্ৰিলৰ পৰা সাতঁদিনীয়াকৈ ঔগুৰি শিব মন্দিৰত শ্ৰীমদ্ভাগৱত কথা জ্ঞানযজ্ঞ সমাৰোহ অনুষ্ঠিত কৰা হৈছে।প্ৰতিদিনাই পুৱাৰে পৰা ভাগৱত ব্যাখ্যা, অমৃত ব্যাখ্যা অনুস্থান অনুষ্ঠিত হোৱাৰ সমান্তৰাল কৈ নিশালৈ ভজন কীৰ্ত্তন চৰ্চা কৰা হৈছে।উল্লেখযোগ্য যে উক্ত ভাগৱত ব্যাখ্যা অনুস্থানত শোণিতপুৰৰ ভাগৱত আচাৰ্য সুমনকৃষ্ণ শাস্ত্ৰী মহাৰাজ উপস্থিত থাকি কেওটা দিনতে ভাগৱতৰ তাৎপৰ্য তথা জ্ঞান সম্পৰ্কে শ্ৰুতা ভক্তক অৱগত কৰিছে।

বাখ্যাৰ লগতে প্ৰতিটো দিনতে আৰতি, প্ৰসাদ বিতৰণ আৰু সন্ধিয়া ভজন অনুষ্ঠান অনুষ্ঠিত হৈ আছে।বিগত কেইদিনৰ দৰে আজি শেষৰ দিনাও বৃহত্তৰ টীয়ককে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ দূৰ দুৰনিৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বহু ভক্তপ্ৰাণ ৰাইজ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।ইপিনে উক্ত যজ্ঞস্থলীতে আজি গাঁৱখনৰ ১৯ জনকৈ কিশোৰৰ উপনয়ন পৰ্ব অনুষ্ঠিত হয়।বিশ্ব শান্তি তথা সমাজৰ সকলোৰে হিত আৰু পূৰ্বপুৰুষৰ আত্মাৰ সন্তুষ্টিৰ অৰ্থে এইদৰে সমূহ ঔগুৰি নেপালী গাঁৱবাসীয়ে সাতঁদিনীয়াকৈ ভাগৱত শ্ৰৱণ কীৰ্ত্তনৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলি মত প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

GTM Desk

Related