পৌৰ নিগমে নির্মাণ কৰিব ৪খন উৰণীয়া পদসেতু

পৌৰ নিগমে নির্মাণ কৰিব ৪খন উৰণীয়া পদসেতু

গুৱাহাটী মহানগৰীত নতুনকৈ চাৰিখন উৰণীয়া পদসেতু নির্মাণ কৰিব পৌৰ নিগম কর্তৃপক্ষই৷ এই ঘোষণা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ৷ আজি শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত অস্থায়ী কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিযুক্তি–পত্র বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত মহানগৰীৰ ৰুক্মিণীগাঁও, ভঙাগড়, বৰা ছার্ভিচ আৰু ফাঁচীবজাৰত পৌৰ নিগমে চাৰিখন উৰণীয়া পদসেতু নির্মাণ কৰাৰ কথা সদৰী কৰে৷ পৌৰ নিগমৰ পুঁজিৰে নির্মাণ হ’বলগা এই উৰণীয়া পদসেতুকেইখনে মহানগৰীৰ যান–জঁটৰ সমস্যা সমাধান কৰাৰ লগতে পথচাৰীৰ ৰাজপথ পাৰ হোৱাৰ সমস্যা দূৰ হ’ব বুলি মন্ত্রীগৰাকীয়ে মন্তব্য কৰে
source – Niyomiabarta

 

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.