গুৱাহাটীৰ চাৰি সমষ্টিত ৪৩ প্রার্থীৰ শক্তি প্রদর্শন

0 min read

অসম বিধানসভাৰ তৃতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ কালিৰ পৰা অন্ত পৰিল৷ মনোনয়ন–পত্র দাখিলৰ পিছৰে পৰা ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে কামৰূপ (ম) জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ চুকে–কোণে প্রার্থীসকলে প্রচাৰ অভিযান আৰম্ভ কৰে৷ বিজেপি–কংগ্রেছকে ধৰি মিত্রজোঁট আৰু মহাজোঁটৰ অন্যান্য অংশীদাৰ দলৰ প্রার্থীৰ লগতে অসম জাতীয় পৰিষদ আৰু নির্দলীয় প্রার্থীসকলে ৰোড শ্ব’, বাইক–কাৰ ৰেলী, পদযাত্রা আৰু বিশাল নির্বাচনী সভাৰ জৰিয়তে ভোটাৰ ৰাইজৰ মন জয়ৰ চেষ্টা চলায়৷

 নির্বাচনক কেন্দ্র কৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীত এক নির্বাচনমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়৷ পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, দিছপুৰ আৰু জালুকবাৰী সমষ্টিৰ প্রান্তে প্রান্তে সমষ্টিকেইটাৰ ৪৩গৰাকী প্রার্থীয়ে নিজ নিজ সমর্থকক লগত লৈ নির্বাচনৰ অন্তিমটো দিনত শক্তি প্রদর্শন কৰে৷

ৰাজ্যৰ অন্যতম গুৰুত্বপূর্ণ সমষ্টি পূব গুৱাহাটীক ৰাজ্যৰ ভিতৰতে জাকতজিলিকা কৰি গঢ়ি তোলাৰ সপোন পুহি ৰাখিছে মহাজোঁটৰ প্রার্থী অসীমা বৰদলৈয়ে৷ পূব গুৱাহাটীবাসীয়ে সন্মুখীন হৈ অহা বিশুদ্ধ খোৱাপানীৰ সমস্যা, কৃত্রিম বান, নলা–নর্দমাৰ সমস্যাকে ধৰি অন্যান্য সমস্যাসমূহ সমাধানৰ প্রতিশ্রুতি প্রদানেৰে এইবাৰ নির্বাচনত অৱতীর্ণ হৈছে৷

একেদৰে পূব গুৱাহাটী সমষ্টিত মিত্রজোঁটৰ বিজেপি প্রার্থী সিদ্ধার্থ ভট্টাচার্যৰ লগতে অজাপৰ অদীপ কুমাৰ ফুকনে নির্বাচনী প্রচাৰ চলায়৷ ইপিনে, পশ্চিম গুৱাহাটী সমষ্টিত মিত্রজোঁটৰ ৰমেন্দ্র নাৰায়ণ কলিতা, মহাজোঁটৰ মীৰা বৰঠাকুৰ গোস্বামী, অসম জাতীয় পৰিষদৰ ৰুণা লাইলা, নির্দলীয় প্রার্থী বলেশ্বৰ ৰংপীয়ে ব্যাপক নির্বাচনী প্রচাৰ চলোৱা পৰিলক্ষে হয়৷

আনহাতে দিছপুৰ বিধানসভা সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী অতুল বৰা, মহাজোঁটৰ সমর্থিত প্রার্থী মনজিৎ মহন্ত, অসম জাতীয় পৰিষদৰ মনোনীত প্রার্থী প্রিন্স ফাইজুল হক, এনচিপি দলৰ হূদয়ানন্দ গগৈ, নির্দলীয় প্রার্থী চৰণ চন্দ্র ডেকা, পল্লৱী দলেই নির্বাচনী প্রচাৰৰ অন্তিমটো দিনত সমষ্টিৰ চুকে–কোণে প্রচাৰ চলাই ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰে৷

নির্বাচন আয়োগৰ নির্দেশ মতে কালি সন্ধিয়া ছয় বজাৰ পৰা এই নির্বাচনী প্রচাৰৰ অন্ত পৰে৷ নির্বাচনী প্রচাৰৰ অন্ত পৰাৰ লগে লগে নিতাল মাৰে গুৱাহাটী মহানগৰী৷ ইপিনে, তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে গুৱাহাটীত কর্মৰত লোকসকলে নিজ নিজ সমষ্টিলৈ গমন কৰাত মহানগৰীৰ ৰাজপথ একপ্রকাৰ জনশূন্য হৈ পৰা পৰিলক্ষিত হয়৷

You May Also Like

More From Author