মুকালমুৱাৰ তিনিগৰাকীকৈ ছাত্ৰী গুৱাহাটী উদ্ধাৰ; দেহ ব্যৱসায়ী নাইবা মানৱ অংগৰ সৰবৰাহ কাৰীৰ হাতত পৰাৰ সন্দেহ

0 min read

#ৰামপুৰ জনতা হাইস্কুলৰ তিনিগৰাকী ছাত্ৰীক আন দুগৰাকী ছাত্ৰীয়ে লৈ গৈ থৈ আহিছিল গুৱাহাটীত।
#ৰাতি দৌলাশাল আৰক্ষীয়ে পাণ্ডু সদিলাপুৰৰ পৰা উদ্ধাৰ কৰে তিনি গৰাকী ছাত্ৰীক।
#যোৱাকালি নিজ বিদ্যালয় জনতা হাইস্কুল ৰামপুৰলৈ আহি ঘৰলৈ ঘূৰি নযোৱাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল দৌলাশাল আৰক্ষী চকীত।
#ঘৰত অত্যাচাৰ কৰা বুলি কৈ আশ্ৰয় লৈছিল তিনিওগৰাকী ছাত্ৰীয়ে পাণ্ডুৰ দয়াল দাসৰ গৃহত।
#ছাত্ৰী তিনিগৰাকীৰ অভিভাৱকে কোনো দুষ্ট চক্ৰৰ হাতত পৰাৰ সন্দেহ ব্যক্ত কৰিছে।
#নাৰী সৰবৰাহকৰি নাইবা কোনো দেহ ব্যৱসায়ী নাইবা মানৱ অংগৰ সৰবৰাহ কাৰীৰ হাতত পৰিল হেতেন বুলি সন্দেহ।
#দৌলাশাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ তৎপৰতাত উদ্ধাৰ ছাত্ৰী কেইজনী।

You May Also Like

More From Author