মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷

মৰিগাঁও জিলাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ প্ৰাংগনত বুধবাৰে তিৱা ছাত্ৰ সন্থাৰ বহু কেইটা দাবী উত্থাপন কৰি এক ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷

মধ্য অসমৰ তিৱা সকলৰ বিভিন্ন দাবীৰে তিৱা সকলৰ তিৱা ভাষাৰ শিক্ষক নিযুক্তি প্ৰদান,শীঘ্ৰে আঞ্চলিক স্বায়ত্ত্ব পৰিষদ প্ৰদান,তিৱা স্বায়ত্ত্ব পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান,ষষ্ঠ অনুসূচি স্বায়ত্ত্ব শাসনৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাকে ধৰি বহু কেইটা দাবী উত্থাপন কৰে ৷

আনহাতে উক্ত ধৰ্মঘট কাৰ্য্যসুচীত উপস্থিত থাকে তিৱা ছাত্ৰ সন্থাৰ জিলা সভাপতি দীপক আমচং,সন্থাৰ সম্পাদক পদেশ্বৰ মিথি,
সন্থাৰ উপদেষ্টা ৰিমল আমচিৰ লগতে ছাত্ৰ সন্থাৰ বহু কেইজন নেতা-কৰ্মী ৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

GTM Desk