20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

প্ৰস্ৰাৱৰ দুৰ্গন্ধ গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে

Assamese Newsপ্ৰস্ৰাৱৰ দুৰ্গন্ধ গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে

সৰু-ডাঙৰ সকলোৱে কেতিয়াবা প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যাত ভোগে৷ কিন্তু প্ৰস্ৰাৱ কিয় দুৰ্গন্ধযুক্ত হয় তাৰ কাৰণ বহুতেই নাজানে বা জনাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে৷ প্ৰস্ৰাৱ আচলতে গোন্ধহীন প্ৰকৃতিৰ৷ কিন্তু বিভিন্ন কাৰণত প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত হ’ব পাৰে৷ দৈনন্দিন খাদ্য, ভিটামিন, ঔষধ আদি খালেও প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত হয়৷ একেদৰে কফি বা এলকহলেও প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত কৰে৷ জানি থোৱা ভাল যে প্ৰস্ৰাৱৰ দুৰ্গন্ধই বিভিন্ন শাৰীৰিক সমস্যাৰ ইংগিত দিয়ে৷ সেয়ে প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ উল্লেখ কৰা হ’ল দুৰ্গন্ধযুক্ত প্ৰস্ৰাৱে কি কি শাৰীৰিক সমস্যাৰ ইংগিত দিয়ে–

(১) প্ৰস্ৰাৱত যদি এমনিয়াৰ গোন্ধ পায় তেনেহ’লে বুজিব আপুনি মূত্ৰনলীৰ সংক্ৰমণত (ইউটিআই) ভুগিছে৷ এই সমস্যাত ভুগিলে প্ৰস্ৰাৱৰ ৰং ঘোলা হয় আৰু কেতিয়াবা তেজৰ বৰণৰ দৰেও হ’ব পাৰে৷ একেদৰে প্ৰস্ৰাৱত জ্বলা-পোৰা হ’ব পাৰে বা জ্বৰ আৰু মানসিক বিভ্ৰান্তিয়ে দেখা দিব পাৰে৷ কিড্‌নীত পাথৰ, কিড্‌নীৰ ৰোগ, লিভাৰৰ ৰোগ, প্ৰষ্টেট সংক্ৰমণ, যৌনবাহিত ৰোগ আৰু মেন’প’জৰ আগতীয়া ইংগিত দিয়ে প্ৰস্ৰাৱত হোৱা এমনিয়াৰ গোন্ধে৷

(২) ফলৰ সুগন্ধি বা চেনিৰ গোন্ধ পালে জানিব সেয়া ডায়েবেটিছ বা হাই ব্লাড ছুগাৰৰ লক্ষণ৷ তেজত গ্লুক’জ বা শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পালে তেজৰ গোন্ধ ফলৰ সুগন্ধিৰ দৰে হয়৷

(৩) ডিহাইড্ৰেছন বা জলশূন্যতাত ভুগিলেও প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত হ’ব পাৰে৷ এনেকুৱা হ’লে দৈনিক ২-৩ লিটাৰ পানী খোৱা উচিত৷ বিশেষজ্ঞসকলৰ মতে দৈনন্দিন জীৱন প্ৰণালীৰ অভ্যাসৰ বাবেও প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত হ’ব পাৰে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!