20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

নিশা খালী পেটেৰে শুলে এইবোৰ সমস্যা হ’ব পাৰে

Assamese Newsনিশা খালী পেটেৰে শুলে এইবোৰ সমস্যা হ’ব পাৰে

সুস্থ থাকিবলৈ হ’লে দৈনিক তিনি সাজ খোৱাটো জৰুৰী৷ তিনি সাজৰ এসাজো যদি কেতিয়াবা নোখোৱাকৈ থাকে, তেন্তে স্বাস্থ্যত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে৷ বহুতে ওজন কমোৱাৰ বাবে ৰাতি নোখোৱাকৈ থাকে৷ তেওঁলোকৰ ধাৰণা, ৰাতি খালী পেটেৰে থাকি অতিৰিক্ত কেল’ৰি হ্ৰাস কৰিব পাৰি৷ কিন্তু এই ধাৰণা ভুল৷ ৰাতি খালী পেটেৰে শুলে বা নোখোৱাকৈ থাকিলে স্বাস্থ্যৰ ক্ষতি হয়৷ উল্লেখ কৰা হ’ল খালী পেটেৰে থাকিলে হ’ব পৰা ক্ষতি–

[১] যিসকলে ৰাতি নোখোৱাকৈ থাকে, তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত ইয়াৰ প্ৰভাৱ পৰে৷ ফলত মানসিক অস্থিৰতাৰ সৃষ্টি হয়৷ মানসিক অস্থিৰতা বঢ়াৰ লগে লগে তেজত শৰ্কৰাৰ মাত্ৰা কমি আহে৷ সেইদৰে ষ্ট্ৰেছ হৰমনৰ পৰিমাণ বাঢ়ে৷ গতিকে কোনো কাৰণ নোহোৱাকৈ ৰাতি খালী পেটেৰে শোৱাৰ অভ্যাস নকৰিব৷

[২] অনিয়মীয়া খাদ্যাভ্যাস আৰু ৰাতি নোখোৱাকৈ শুলে অনিদ্ৰাত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ ইয়াৰ প্ৰভাৱ পৰে মানসিক স্বাস্থ্যত৷ তদুপৰি পুৱা বা নিশা নোখোৱাকৈ থাকিলে হতাশা বাঢ়ে৷ লগতে ষ্ট্ৰেছ হৰমনৰ প্ৰভাৱত নিদ্ৰাচক্ৰ বিঘ্নিত হয়৷

[৩] ৰাতি নোখোৱাকৈ শুলে পেটত ভোক থাকি যায়৷ ফলত খাদ্যৰ প্ৰতি ক্ৰমাৎ লোভ বাঢ়ে৷ পৰিণতিত জাংক ফুড খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়৷ ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষতি হয়৷ জাংক ফুড খালে দেহত অতিৰিক্ত কাৰ্বন, শৰ্কৰা আৰু কেল’ৰিৰ লগতে প্ৰৱেশ কৰা উপাদানসমূহে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে৷

[৪] ৰাতি নোখোৱাকৈ শুলে দীৰ্ঘ সময়ৰ বাবে যকৃত খালী হৈ থাকে৷ ইয়াৰ ফলত কৰ্মশক্তি কমিবলৈ আৰম্ভ কৰে৷ পৰিণতিত পিছদিনা শুই উঠাৰ পাছত ক্লান্তি বাঢ়ে৷

[৫] ডায়েবেটিছ ৰোগীসকলে নিশা খালী পেটে থকাটো অনুচিত৷ কিয়নো খালী পেটেৰে থাকিলে তেজত শৰ্কৰাৰ মাত্ৰা কমি আহে৷ ফলত ৰোগীৰ শাৰীৰিক অৱস্থা বেয়াৰ ফাললৈ ঢাল খায়৷ গতিকে ডায়েবেটিছৰ সমস্যা থাকিলে নিশা নোখোৱাকৈ নাথাকিব৷ লঘু আহাৰ হ’লেও খাইহে বিছনালৈ যাব৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!