23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

গুৱাহাটীত সোণৰ অলংকাৰসহ দুই ডকাইত গ্ৰেপ্তাৰ

Assamese Newsগুৱাহাটীত সোণৰ অলংকাৰসহ দুই ডকাইত গ্ৰেপ্তাৰ
 পল্টনবজাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে দুই দুর্ধর্ষ ডকাইত গ্ৰেপ্তাৰ কৰে। ধৃত ডকাইত দুটা হৈছে ক্ৰমে ইৰফান শ্বেখ আৰু নজৰুল ইছলাম। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুটাৰ পৰা লক্ষাধিক টকাৰ চুৰি সোণৰ অলংকাৰ উদ্ধাৰ কৰে। আৰক্ষী সুত্ৰই জানিবলৈ দিয়া মতে, ধৃত ডকাইত দুটা মহানগৰীৰ বিভিন্ন স্থানৰ পৰা মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়া ঘটনাত জড়িত আছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ডকাইত দুটাক গ্ৰেপ্তাৰ কৰাৰ লগতে ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা এখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে গুৱাহাটীত সংঘটিত হোৱা অপৰাধ আৰু অপৰাধী চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এনে অপৰাধ নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। অলপতে মহানগৰ আৰক্ষীয়ে পূৰৱী ডেইৰীৰ বিতৰ্ক ৰঞ্জিত বৰাৰ হত্যাকাৰীকে ধৰি নুনমাটিত শাহু আৰু স্বামীক হত্যাৰ ঘটনাত জড়িত মূল অভিযুক্ত বন্দনা কলিতাসহ তেওঁৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰাৰ উপৰি বিশ্বজিৎ হাজৰিকা নামৰ যুৱকজনক অপহৰণ কৰি হত্যা কৰা অজয় কলিতাসহ কেইবাটাও অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!