টুথপেষ্টৰ আৰু পাঁচটা ব্যৱহাৰৰ কথা আপুনি বাৰু জানেনে ?

1 min read

প্ৰতিদিনে আমি দাঁত ব্ৰাচ কৰোতে টুথপেষ্ট ব্যৱহাৰ কৰো । দাঁত ব্ৰাচ কৰাৰ সমান্তৰালকৈ টুথপেষ্ট আৰু কেইটামান কামত ব্যৱহাৰ কৰিব পাৰি । আহকচোন আজি আমি টুথপেষ্টৰ কেইটামান ব্যৱহাৰৰ বিষয়ে জানো –

১/ ৰান্ধোতে কেতিয়াবা যদি আপোনাৰ কোনো ঠাইত পুৰে , তেন্তে আপুনি ততালিকে সেই পুৰা অংশত টুথপেষ্ট লগাই দিব । দেখিব আপোনাৰ পুৰা অংশৰ জ্বলন কমি যোৱাৰ সমান্তৰালকৈ পুৰা ছালখন ওখহি যোৱাৰ পৰিৱৰ্তে ছালৰ লগত মিলি যাব ।
২/ মুখত ব্ৰণ হ’লে শুৱাৰ পূৰ্বে সেই অংশত টুথপেষ্ট লগাই ৰাখিব । ৰাতিপুৱা শুই উঠি দেখিব যে আপোনাৰ ব্ৰণৰ আকাৰ সৰু হৈ গৈছে । এনেকৈ কে’বাদিনো কৰিলে লাহে লাহে মুখৰ ব্ৰণৰ সমস্যা নাইকীয়া হ’ব ।

৩/ সাধাৰণতে ৰন্ধাৰ সময়ত হালধী , মচলা লাগি আমাৰ হাতৰ নখত এটা বৰণ পৰে । এই ক্ষেত্ৰত নখত টুথপেষ্ট লগাই ঘঁহি দিলে দেখিব ,আপোনাৰ নখৰ পূৰ্বৰ ৰং ঘূৰি আহিছে ।

৪/ পুৰণা কাপোৰত কেতিয়াব দাগ লগা দেখা যায় । এই জেদি দাগ দূৰ কৰাত টুথপেষ্ট খুবেই উপযোগী । দাগ লগা অংশত টুথপেষ্ট লগাই লাহে-লাহে ব্ৰাচেৰে ঘঁহি দিলে দেখিব আপোনাৰ কাপোৰৰ পুৰণা দাগ নাইকীয়া হৈ গৈছে ।

৫/ মকৰা বা অন্য কোনো পোকে কামুৰিলে , সেই অংশ বিষাই ফুলি যোৱা দেখা যায় । তেনেক্ষেত্ৰত আক্ৰান্ত স্থানত টুথপেষ্ট লগাই কিছুসময় ৰাখিলে , সেই বিষভাৱ দূৰ হৈ ওখহা অংশ দ্ৰুত গতিত কমি আহিব ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । সকলো ধৰণৰ আঘাত অথবা সমস্যাৰ সমাধান নহয় ।

You May Also Like

More From Author