26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

পুনৰ চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী হৈ আছে বিজেপি নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী মাণিক সাহাই

Assamese Newsপুনৰ চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী হৈ আছে বিজেপি নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী মাণিক সাহাই

কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি অনুষ্ঠিত হৈছে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ ৬০ খন বিধানসভা আসনৰ বাবে আৰম্ভ হয় ভোটগ্ৰহণ। ভোটাৰৰ মিশ্ৰিত সঁহাৰিৰ মাজেৰে পুৱা ৯ বজালৈকে ১৩.৯২ শতাংশ ভোটাৰে ভোটদান কৰিছে বুলি জানিব পৰা গৈছে।ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, মুঠ ৩৩৩৭ টা ভোট কেন্দ্ৰৰ প্ৰতিটোতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দলসমূহৰ পৰা এজনতকৈ অধিক প’লিং এজেণ্টে দায়িত্ব পালন কৰিছে।

“এয়া অভূতপূৰ্ব। পুৱা ৭ বজাৰ পৰা আটাইকেইটা বিধানসভা সমষ্টিতে ভোটগ্ৰহণ আৰম্ভ হয় আৰু পুৱা ৯ বজালৈকে ভোটাৰৰ হাৰ ১৩.৯২ শতাংশ। সঠিকভাৱে কাম নকৰা ইভিএমসমূহ অভিযন্তাসকলে তাৎক্ষণিকভাৱে সলনি কৰে। পুৱাৰ ভাগত সকলো ভোটকেন্দ্ৰতে দীঘলীয়া শাৰী দেখা যায়।”- বিষয়াগৰাকীয়ে লগতে কয়।

বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, ভোটগ্ৰহণ প্ৰক্ৰিয়াত স্বচ্ছতাৰ বাবে ৩৩৩৭ টা ভোট কেন্দ্ৰকে ৱেব কাষ্টিং আৰু মাইক্ৰ’ পৰ্যবেক্ষকৰ দ্বাৰা সামৰি লোৱা হৈছে। ৰিটাৰ্ণিং অফিচাৰ, জিলা দণ্ডাধীশ আৰু নিৰ্বাচন আয়োগৰ পৰ্যায়ত এই লাইভ ষ্ট্ৰীমিং নিৰীক্ষণ কৰা হয়।উল্লেখ্য যে এই নিৰ্বাচনত প্ৰায় ৩১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে ১৯ গৰাকীৰ মনোনয়ন নাকচ কৰাৰ পৰিৱৰ্তে প্ৰায় ৩২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। নিৰ্বাচনত মুঠ ২৫৯ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ইয়াৰ ভিতৰত ২৮ গৰাকী প্ৰাৰ্থী তৃণমূল কংগ্ৰেছৰ, বিজেপিৰ ৫৫, কংগ্ৰেছৰ ১৩, আইপিএফটিৰ ৬ জন, টিপ্ৰাই ৪২ জন, চিপিআই-এমৰ ৪৩ জন, চিপিআই, চিপিআই-এমএল, এআইএফবি, টিএছপি, আৰএছপিৰ ১ জনকৈ, ৭ গৰাকী প্ৰাৰ্থী স্বীকৃতি নোপোৱা দল আৰু স্বতন্ত্ৰ দলৰ পৰা আন ৫৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

এই নিৰ্বাচনত সমগ্ৰ ত্ৰিপুৰাৰ প্ৰায় ৩৩৩৭ টা ভোটকেন্দ্ৰত ২৮ লাখ ১৩ হাজাৰ ভোটাৰে নিজৰ মতদান কৰিব। এইবাৰ প্ৰায় ৮০ হাজাৰ নতুন ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। নিৰ্বাচনত প্ৰায় ১১,০০০ মহিলা ভোটাৰৰ নাম প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছে। আনহাতে তৃতীয় লিংগৰ ৭৭ গৰাকী ভোটাৰে ভোটদান কৰিব।

ইফালে বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী হৈ আছে বিজেপি নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী মাণিক সাহাই। বিগত নির্বাচনতকৈ এইবাৰ বিজেপিয়ে ভাল প্রদর্শন কৰিব বুলি দাবী কৰিছে মাণিক সাহাই৷

“নিৰ্বাচনত বিজেপিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি মই এশ শতাংশ আত্মবিশ্বাসী। যোৱাবাৰৰ তুলনাত দলে হয়তো অধিক আসন পাব।”— মুখ্যমন্ত্রী সাহাই কয়৷ উল্লেখ্য যে, মাণিক সাহাই টাউন বৰদোৱালি সমষ্টিৰ পৰা ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!