fbpx

জালুকবাৰীত দুখন কাঠভর্তি ট্রাক জব্দ

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ জালুকবাৰীৰ হোটেল ৰেডিছন ৰ সন্মুখত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সোমবাৰে পুৱতি নিশা প্রায় ৩ জাত জালুক্বাৰী আৰক্ষী চকীৰ এটা টহলদাৰী দলে মেঘালয়ৰ পৰা অহা দুখন চোৰাং কাঠভর্তি ট্রাক জব্দ কৰে৷

নথি–পত্রৰ বিসংগতি থকাৰ সন্দেহত জব্দ কৰা ট্রাক দুখন পুৱা আৰক্ষীয়ে স্থানীয় খানামুখ খণ্ড ন বিষয়া কার্যালয়ত চমজাই দিয়ে৷ ইয়াৰ ভিতৰত এ এছ ২৫ ডি চি ২৬১৮ নম্বৰৰ ট্রাকখনত মূল্যৱান চেগুণ আৰু এন এল ০১ এ ই ১১৫৪, নম্বৰৰ ড্রাকখনত পাইন আৰু কিছু বেলেগ কাঠ আছিল৷

তেনেদৰে চেগুন কাঠখিনিৰ পৰিমাণ প্রায় ২৫ ঘনমিটাৰ আৰু জাৰ মূল্য ৮ লাখ আৰু পাইনসহ আন কাঠখিনিৰ পৰিমাণ প্রায় ১৭, ঘনমিটাৰ আৰু মূল্য প্রায় ২.৫০ লাখ টকাৰো অধিক হ’ব লি ন বিভাগৰ সূত্রই জানিবলৈ দিছে৷ আনহাতে, খানামুখ খণ্ড ন কার্যালয়ৰ খণ্ড বিষয়া ৰূপন হালৈয়ে জানিবলৈ দিয়া মতে পূব কামৰূপ ন সংমণ্ডলৰ সংমণ্ডল প্রাধিকাৰী ভাস্কৰ ডেকাৰ নির্দেশত খণ্ড বন কার্যালয়ত থকা ট্রাক দুখনৰ কাঠৰ বিপৰীতে যি চালান পৰীক্ষা কৰি থকা হৈছে৷ চালানৰ  বিসংগতি ধৰা পৰিলে ন আইনৰ অধীনত গোচৰ ৰজু কৰা হ’ব লি খণ্ড বিষয়াজনে জান্বিলৈ দিছে৷

error: Content is protected !!
%d bloggers like this: