38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

বেছিকৈ হালধি খোৱাৰ ফলত শৰীৰত হ’ব পৰা সমস্যাবোৰ

Assamese Newsবেছিকৈ হালধি খোৱাৰ ফলত শৰীৰত হ'ব পৰা সমস্যাবোৰ

হালধি হৈছে এনে এক মচলা, যি প্ৰতিঘৰ ভাৰতীয় লোকৰ ঘৰত অতি সহজে উপলব্ধ। সকলোৱে প্ৰায়ে ইয়াৰ লাভালাভৰ বিষয়ে শুনি আহিছোঁ, কিয়নো ই পূৰ্বৰ পৰাই আয়ুৰ্বেদিক ঔষধৰ বাবে জনাজাত।

যদি দেখা যায়, আন বহুতো প্ৰকাৰৰ মচলা আছে, কিন্তু হালধিক আটাইতকৈ উৎকৃষ্ট মচলাবোৰৰ ভিতৰত গণ্য কৰা হয়। কটা-ছিঙাৰ ঘা শুকাবৰ বাবে প্ৰায়ে নিশা হালধি গাখীৰ খোৱাৰ পৰামৰ্শ আগবঢ়োৱা হয়। লগতে উচ্চ ৰক্তচাপ আৰু বিভিন্ন ৰোগৰ বাবে হালধিক উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু কমসংখ্যক লোকেহে জানে যে হালধি বেছিকৈ খোৱাৰ ফলত শৰীৰৰ বহুটো ক্ষতি হ’ব পাৰে।

~ হালধি বেছিকৈ খালে হ’ব পৰা সমস্যাবোৰঃ

• বৃক্কৰ পাথৰৰ সম্ভাৱনা

সীমিত পৰিমাণত হালধি খালে স্বাস্থ্যৰ বহুতো লাভালাভ হয়, কিন্তু যদি কোনোবাই বেছিকৈ লাভাম্বিত হওক বুলি বেছিকৈ হালধি খায়, তেন্তে ইয়াত থকা অক্সালেটৰ পৰিমাণে শৰীৰত পাথৰৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত বৃক্কৰ পাথৰৰ সমস্যা হয়। সেয়েহে, হালধি খোৱাৰ আগতে ইয়াৰ সঠিক পৰিমাণৰ বিষয়ে জানি লোৱাটো উচিত।

• ডায়েৰিয়া

প্ৰায়ে বাহিৰৰ খাদ্য খোৱাৰ ফলত কেতিয়াবা পেট অসুস্থ হোৱাৰ লগতে ডায়েৰিয়া হয়, কিন্তু অতিৰিক্ত পৰিমাণে হালধি খালেও এই সমস্যা বৃদ্ধি হ’ব পাৰে, কিয়নো ইয়াত যৌগিক কাৰকিউমিন থাকে, যি পাকস্থলীৰ গেষ্ট্ৰিক নলীক সঠিকভাৱে কাম কৰাত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত ডায়েৰিয়াৰ সমস্যা আৰম্ভ হয়।

• আইৰণৰ অভাৱ

বৰ্তমান সময়ৰ খাদ্য খালে শৰীৰে প্ৰয়োজনীয় ভিটামিন, খনিজ পদার্থ, আইৰণ আদি নাপায়। যাৰ ফলত বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। শৰীৰত আইৰণ কম হোৱাৰ বাবে, তেজৰ অভাৱ হয়। কিন্তু অত্যাধিক হালধি খোৱাৰ ফলতো শৰীৰত থকা আইৰণ শুকাবলৈ ধৰে, যাৰ ফলত শৰীৰ দুৰ্বল হোৱাৰ লগতে, বহুতো সমস্যা বৃদ্ধি হ’ব পাৰে।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!