হাতীগাঁৱত ড্রাগ্ছসহ দুজনক গ্রেপ্তাৰ

হাতীগাঁৱত ড্রাগ্ছসহ দুজনক গ্রেপ্তাৰ

হাতীগাঁও আৰক্ষীয়ে বুধবাৰে খানকা অৰুণোদয় পথত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী দুটা ক্রমে জেহেৰুল ইছলাম (২৪) আৰু জাহাৰুল ইছলাম (৩০)৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত খানকা অৰুণোদয় পথৰ এটা বাসগৃহত অভিযান চলাই ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটাৰ্ পৰা তিনিটা ম’বাইল, প্রায় ১০০ গ্রাম হেৰ’ইন, নগদ ধন জব্দ কৰে৷ সম্প্রতি হাতীগাঁও আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীকেইটাক্ মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.