অসম সন্তান ৰাজেন দাসলৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা

অসম সন্তান ৰাজেন দাসলৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা

পুনে নেচনেল ফিল্ম আর্কাইভ অৱ ইণ্ডিয়াত অনুষ্ঠিত পঞ্চম বার্ষিক ‘গ্রেট মেছেজ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’ চমুকৈ জি এম আই এফ এফত সন্মানিত হ’ল অসমৰ বিলুপ্তপ্রায় লোকশিল্প পুতলা নাচৰ ওপৰত নির্মাণ কৰা অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’৷ সন্মানীয় এই আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱখনত ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক, অসম সন্তান ৰাজেন দাসে শ্রেষ্ঠ পৰিচালকৰ পুৰস্কাৰ লাভ কৰি অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে মানৱীয় প্রমূল্যক মূল বার্তা হিচাপে লৈ অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্রীয় চলচ্চিত্র সমাৰোহত বিদেশী ভাষাৰ বহুকেইখন চলচ্চিত্রই অংশগ্রহণ কৰিছিল৷ ইয়াৰ মাজৰ পৰা সন্মানীয় জুৰি মণ্ডলীয়ে জি এম আই এফ এফ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ ২০২১ বর্ষৰ শ্রেষ্ঠ পৰিচালনাৰ বঁটা আগবঢ়ায় ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈ৷ এয়া অসমৰ চলচ্চিত্র জগতৰ বাবে যথেষ্ট ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে৷

উল্লেখ্য যে পুনেৰ ‘নেচনেল ফিল্ম আর্কাইভ অৱ ইণ্ডিয়া’ত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত সন্মানিত হোৱা অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ নির্মাণ কৰা হৈছে অসমৰ বিলুপ্তপ্রায় লোকশিল্প পুতলা নাচক ভিত্তি হিচাপে লৈ৷ পুতলা নাচ শিল্পীৰ কাৰুণ্যভৰা জীৱনগাথা আৰু আধুনিকতাৰ ধামখুমীয়াত হেৰাই যোৱা এই লোকশিল্পক পুনৰ উজ্জীৱিত কৰাৰ এক মানৱীয় বার্তা এই চলচ্চিত্রখনৰ জৰিয়তে চিত্রায়ন কৰা হৈছে৷ জি এম আই এফ এফ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰা ‘লাইফ ইন পাপেট’ৰ লেখক, পৰিচালক ৰাজেন দাসে সাংবাদিকৰ সন্মুখত কয়– ‘এই স্বীকৃতিয়ে অসমৰ বিলুপ্তপ্রায় লোকশিল্পক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ বাবে কাম কৰি যাবলৈ যথেষ্ট প্রেৰণা দিছে৷ অসমৰ বিলুপ্তপ্রায় লোকশিল্প পুতলা নাচক বিশ্বৰ চলচ্চিত্র সমাজে আমাৰ চলচ্চিত্রখনৰ মাধ্যমত আদৰি লোৱা বাবে এগৰাকী অসমীয়া যুৱক হিচাপে আমি অতিশয় আনন্দিত৷’ পৰিচালক ৰাজেন দাসে পুতলা নাচৰ শিল্পী, চলচ্চিত্রখনৰ লগত জডিত শিল্পী, কলা–কুশলী, সংবাদ মাধ্যম আৰু অসমবাসী ৰাইজক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰে ৷
Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.