হাতীগাঁৱৰ বোৱাৰীক পলুৱাই নিয়া দুই যুৱকক জে’ললৈ

1 min read

মহানগৰীৰ হাতীগাঁৱৰ পৰা এগৰাকী বোৱাৰীক পলুৱাই নিয়াৰ অভিযোগত আৰক্ষীয়ে দুজন যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱক দুজন গোৱালপাৰা জিলাৰ বিদ্যানগৰৰ ছাইফুল আলম (২৭) আৰু হেদায়েৎপুৰৰ খাইৰুল ইছলাম (২৪) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত ছাইফুল আলম নামৰ যুৱকজনৰ সৈতে হাতীগাঁৱৰ এগৰাকী বোৱাৰীৰ প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল৷ বোৱাৰীগৰাকীক যুৱকজনে বন্ধু খাইৰুলৰ সহযোগত পলুৱাই নিয়ে৷ ঘটনা সন্দর্ভত ভুক্তভোগী বোৱাৰীৰ পৰিয়ালে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬/৩৮০ ধাৰাত ১২৬/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি অভিযুক্ত যুৱক দুজনক গ্রেপ্তাৰ কৰাৰ লগতে বোৱাৰীগৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক গতাই দিয়ে৷ অভিযুক্ত দুজনক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

Source – Niyomiabarta

You May Also Like

More From Author