Advertisement

ওদালগুৰিৰ জালিমূখ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাৰ

ওদালগুৰিৰ জালিমূখ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাৰ

প্ৰায় ১৭ কৌটি ব্যয়ৰে নিৰ্মাণ হৈ থকা ভাৰত-ভূটান সীমান্তৱৰ্তী ননৈ নদীৰ শৈল জালিবান্ধ পৰিদৰ্শন কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুজ হাজৰিকা | লগতে সাংসদ দিলীপ শইকীয়া,বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী,বিধায়ক দিগন্ত কলিতা উপস্থিত থাকে |

আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ জালিমুখত উপস্থিত হৈ মথাউৰি নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰিলে মন্ত্ৰী গৰাকীয়ে । বিটিচিৰ উন্নয়নৰ ক্ষেত্ৰত বিটিচি চৰকাৰৰ দায়িত্ব বেছি যদিও ৰাইজৰ উপকাৰৰ বাবে অধিক পুঁজি আবণ্টন দিয়া হৈছে বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ। ১৭ কৌটি টকাৰে নিৰ্মিত শৈল জালিবান্ধে দৰং- ওদালগুৰিত সৃষ্টি হোৱা বান নিয়ন্ত্ৰণ হ’ব বুলি আশা প্ৰকাশ মন্ত্ৰী গৰাকীৰ। উল্লেখ্য যে ভূটানৰ পৰা বৈ অহা এটি নদী জালিমুখত দুভাগ হৈ কুলশী আৰু ননৈ নাম লৈ দুটি নদী ব্ৰহ্মপুত্ৰত বিলিন হৈছে। এই জালিমুখত সমানে দুটি নদীত তাৰ বোৱতী পানী দুভাগ নহ’লেই নামনিত সৃষ্টি হয় বানপানী। ক্ষতিগ্ৰস্ত হয় চাৰিটা বিধানসভা সমষ্টিৰ হাজাৰ হাজাৰ গাঁও। ১৯৯৩ চনত জালিমুখত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনত জালিমুখত বান্ধ নিৰ্মাণ কৰা হৈছিল যদিও কালক্ৰমত সেই বান্ধ বহু পৰিমাণে বিনষ্ট হৈ যায় ।তাৰ পিছৰে পৰা বিগত প্ৰায় দুটা দশক জুৰি কুলশী আৰু ননৈ নদীয়ে বাৰিষা কালত তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। জালি মুখৰ দাঁতি-কাষৰীয়া গাঁও সমূহ অধিক ক্ষতিগ্ৰস্ত হৈ আহিছে। ৰাইজে বহু বছৰ ধৰি নিজৰ গাঠিৰ ধন ভাঙি বান্ধ নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা চলায় আহিছে। বহু বান্ধ নিৰ্মাণ সমিতিয়ে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰি আহিছিল। অৱশেষত যেন চৰকাৰৰ জলসম্পদ বিভাগে দিয়া বান্ধৰ জৰিয়তে কিছু পৰিমাণে হ’লেও সকাহ পাব সেয়া নিশ্চিত।

Shahnawaz Hamza

Related