ওদালগুৰি জিলাৰ অন্তৰ্গত মাজুলি চাহ বাগিছাৰ শিৱ মন্দিৰত শিৱ পূজন, কলহ যাত্ৰা আৰু লগতে জলাভিষেকৰ অনুষ্ঠানৰ আয়োজন কৰা হয় | উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মন্দিৰ প্ৰাঙ্গনত ধৰ্ম্মধজ্বা প্ৰতিষ্ঠা কৰে বিশিষ্ট সমাজকৰ্মী বিকন ডেকাই । অনুষ্ঠানত বি.টি.আৰ.ৰ কাৰ্য্যৱাহী সদস্য সঞ্জিত তাঁতীৰ লগতে বৃহত্তৰ মাজুলি চাহ বাগিছা অঞ্চলটিৰ বহু বিশিষ্ট ব্যক্তি লগতে ধৰ্মপ্ৰাণ লোক উপস্থিত থাকে। অঞ্চলটোৰ বহু সংখ্যক ধৰ্মপ্ৰাণ লোকৰ উপস্থিতিত এক দীঘলীয়া সমদলৰে গনেশ মন্দিৰ, শনি মন্দিৰ, মা কালি মন্দিৰ, হুনুমান মন্দিৰ আদি কৰি বহু কেইখন ধৰ্ম স্থান দৰ্শন কৰি কলশী যাত্ৰা কৰাৰ অন্তত নাম ধৰ্মৰ আৰু ধৰ্ম আলোচনাৰে অনুস্থানটিৰ সামৰনি পেলোৱা হয়। সভাপতি বৰুন হৰিয়া আৰু সম্পাদক ভগেশ্বৰ মুণ্ডাৰ নেতৃত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ জৰিয়তে মাজুলি চাহ বাগিছাত আগলৈয়ো এনেধৰণৰ কলশী যাত্ৰা, শিৱ পূজনৰ লগতে জলাভিষেকৰ অনুষ্ঠান সমূহ আয়োজন কৰিব বুলি জানিবলৈ দিয়ে |