32.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

তামোল পাণৰ ক্ষুদ্র ব্যৱসায়ৰ পৰা শ্বপিং মললৈ এক বৰ্ণিল যাত্রা; স্বাৱলম্বিতাৰ এক নিদৰ্শন ডাঙি ধৰিলে মঙলদৈ নগৰবাহীৰ দুই ভাতৃয়ে

Assamese Newsতামোল পাণৰ ক্ষুদ্র ব্যৱসায়ৰ পৰা শ্বপিং মললৈ এক বৰ্ণিল যাত্রা; স্বাৱলম্বিতাৰ এক নিদৰ্শন ডাঙি ধৰিলে মঙলদৈ নগৰবাহীৰ দুই ভাতৃয়ে

মঙলদৈ চহৰৰ নিকটৱৰ্তী
নগৰবাহী তিনিআলি চ’কৰ গছৰ তলত বাঁহৰ চাঙত তামোল পাণ, চকলেট ,কেঁচা বুট-মুগুৰ দোকানেৰে যাত্ৰা আৰম্ভ কৰিছিল চিৰাজুল নামৰ কিশোৰটিয়ে ৮০ দশকতে |

তাৰ পিছত বিশিষ্ট গীতিকাৰ,সাহিত্যিক ড০ চহিৰ ভূঞাই নামকৰণ কৰা “চন্দ্ৰমুখ” নামটিৰে নগৰবাহীতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰে আৰম্ভ গুমটিৰ দোকান।

সমান্তৰালকৈ ৰিক্সা কিনি ভাৰা লাইনত দিবলৈ ধৰিলে চন্দ্ৰমুখ ১ ,চন্দ্ৰমুখ ২, চন্দ্ৰমুখ ৩. …এনেকৈ কুৰিখনমানলৈকে

এইদৰে ব্যৱসায়ত অগ্ৰগতি লভি চন্দ্ৰমুখ সম্প্ৰসাৰিত কৰে মঙলদৈ চহৰলৈ মণিহাৰী কছমেটিক আদিৰ নিত্য ব্যৱহাৰ্যৰ সামগ্ৰীৰ ব্যৱসায়েৰে ১৯৯৩ চনত; ইতিমধ্যে যুৱকত পৰিণত হোৱা মিঠা মিঠা মাত আৰু বিনয়ী ব্যৱহাৰেৰে গ্ৰাহকক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা চিৰাজুল হকে।

তেতিলৈকে চিৰাজুলক ব্যৱসায়ৰ ইটো সিটো কামত সহায় কৰিছিল কিশোৰ ভাতৃ বিপুল ওৰফে চহিদুলে।

এসময়ত চিৰাজুল বিপুলৰ যুটীয়া প্ৰচেষ্টাত “চন্দ্ৰমুখ” ৰ ব্যৱসায়িক সফলতাই সকলোকে আকৃষ্ট কৰিবলৈ সক্ষম হয়। ব্যৱসায় সম্প্ৰসাৰণ হোৱাত বিপুলে আৰম্ভ কৰে ডিচপ’জেবল গিলাচ, দিছ, বাতি আদিৰ ক্ষুদ্ৰ উদ্যোগ আৰু সমান্তৰালকৈ ইবিলাকৰ লগতে বিভিন্ন উপহাৰ সামগ্ৰীৰ ব্যৱসায়ৰ দোকান হক ব্ৰাদাৰ্ছ ।

এই দুই ভাতৃৰ পৰম ধৈৰ্য, অশেষ কষ্ট আৰু অধ্যৱসায়ৰ শেহতীয়া উত্তৰণ উদয়ণ চিনেমা হল নামে খ্যাত পুৰণা চিনেমা হলৰ সমীপত এডৰা মূল্যৱান মাটিত কেইবামহলীয়া অট্টালিকা সদৃশ পকী ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰি কালি মুকলি কৰিবলৈ সক্ষম হয় “স্মাৰ্ট শ্বপিং মল। উদ্যোগপতি তথা এছ আৰ ডি গ্ৰুপৰ সঞ্চালক মুকুল ডেকা, ৰাজীৱ কুমাৰ ডেকা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ চহিৰ ভূঞা, আপকুৰ দৰং জিলা সমিতিৰ সম্পাদক বাবুল মকছেদ আহমেদ, দৰঙ জিলা প্ৰশাসনৰ প্ৰশাসনীয় বিষয়া বক্তাৰ আলি প্ৰমুখ্যে বিশিষ্ট লোকসকলৰ উপস্থিতিত ভাতৃদ্বয়ৰ মাতৃ হাজী ৰাইহানা বেগমে মুকলি কৰে এই শ্বপিং মলৰ

ইয়াকে কয় লাগি থাকিলে মাগি নাখায়,যত্ন কৰিলে ৰত্ন পায়। দুই ভাতৃয়ে নিৰ্জু স্বভাৱ, মিঠা মাত, কঠোৰ পৰিশ্ৰম,নীৰৱ অধ্যৱসায় আদিকে সম্বল কৰি আৰম্ভ কৰা ‘চন্দ্ৰমুখ’ নামৰ তামোল পাণৰ ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা অট্টালিকা সদৃশ বিল্ডিঙত ‘স্মাৰ্ট শ্বপিং মল’ৰ ব্যৱসায়লৈ উত্তৰণ নিশ্চিতভাৱে অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে হ’ব পাৰে এক উল্লেখনীয় আদৰ্শ , স্বাৱলম্বিতাৰ বিৰল নিদৰ্শন। সম্প্ৰতি চন্দ্ৰৰ পূৰ্ণিমাৰ জোনাকৰ দৰেই জিলিকি উঠিছে দুইভাতৃৰ “চন্দ্ৰমুখৰ” ব্যৱসায়িক সফলতা।

 

মঙলদৈৰ পৰা মকছেদ অলিৰ ৰ ৰিপৰ্ট

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!