শীঘ্ৰে সম্প্ৰচাৰ হ’ব চেলেষ্টি অভিনীত প্ৰথমখন হিন্দী চিৰিয়েল…
মুখৰ মিঠা হাঁহিটিৰে লাখ লাখ নেট ব্যৱহাৰকাৰীৰ হৃদয় জয় কৰা অসমৰ চেলেষ্টি বৈৰাগী এইবাৰ সাজু হৈছে মায়ানগৰী মুম্বাইৰ হৃদয় জিনিবলে।
আলিয়া ভাট’ৰ dopple ganger হিচাপে পৰিচিত হৈ পৰা দুলিয়াজানৰ কন্যা চেলেষ্টি অভিনীত এখন মেগা চিৰিয়েল অতি শীঘ্ৰে প্ৰচাৰ হ’ব ষ্টাৰ প্লাছত।
অসমৰ মৰমলগা ছোৱালীজনীয়ে অভিনয় কৰা মেগা চিৰিয়েলখনৰ নাম হৈছে- ‘উড়টি কা নাম ৰজ্জো’। অহা ৮ আগষ্টৰ পৰা ষ্টাৰ প্লাছযোগে সম্প্ৰচাৰ হ’ব এই চিৰিয়েলখন।
ধাৰাবাহিকখনত সপোন খেদি ফুৰা এগৰাকী চঞ্চলা যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে চেলেষ্টিয়ে। ইতিমধ্যেই ৰীল ভিডিঅ’ৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা চেলেষ্টিৰ প্ৰথমখন হিন্দী ধাৰাবাহিকত কৰা অভিনয় চাবলৈ অপেক্ষা কৰিছে অনুৰাগীসকলে।
উল্লেখ্য যে, মুখাবয়ব আৰু হাঁহিটি সাইলাখ অভিনেত্ৰী আলিয়া ভাট্টৰ দৰে হোৱাত বিগত সময়ত চৰ্চিত হৈ আহিছে চেলেষ্টি বৈৰাগী।
ইতিমধ্যে চেলেষ্টিয়ে কেইবাখনো ৱেব চিৰিজ আৰু অসমীয়া ধাৰাবাহিকতো কাম কৰি নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দিছে।
এইবাৰ ‘উড়টি কা নাম ৰজ্জো’ নামৰ ষ্টাৰ প্লাছযোগে সম্প্ৰচাৰ হ’বলগীয়া ধাৰাবাহিকখনৰ এটা মুখ্য চৰিত্ৰত অভিনয় কৰি অসমৰ লগতে সমগ্ৰ ভাৰততে চৰ্চিত হৈ পৰিছে চেলেষ্টি বৈৰাগী।
ইতিমধ্যে ষ্টাৰ প্লাছৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা মুকলি কৰা হৈছে ধাৰাবাহিকখনৰ প্ৰ’ম’।