কোকৰাঝাৰত ইউ এল বিৰ তিনি সদস্য আটক

কোকৰাঝাৰত ইউ এল বিৰ তিনি সদস্য আটক

কোকৰাঝাৰৰ উল্টাপানীৰ লুংছুং বনাঞ্চলত আৰক্ষীৰে সংঘৰ্ষত দুগৰাকীকৈ সন্দেহযুক্ত ইউএলবি সদস্য নিহত হোৱাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে বুধবাৰে আৰক্ষীয়ে ইউএলবি তিনি সদস্যক আটক কৰিবলৈ সক্ষম হৈছে । ইউএলবিৰ আটকাধীন কেডাৰ তথা সদস্য তিনিজন ক্ৰমে আনন্দ নাৰ্জাৰী ওৰফে আব্ৰা , সাজাৰাম ব্ৰহ্ম ওৰফে ৰমাই আৰু দৈদুন ব্ৰহ্ম ৷

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, এক বিশেষ অভিযানৰ যোগে প্ৰথমে টিপকাই বগৰীবাৰীৰ দৈদুন ব্ৰহ্মক আটক কৰে । দৈদুন ব্ৰহ্মক আটক কৰাৰ লগতে তেওঁৰ ঘৰৰ পৰা এজোৰ কেমোফ্লেজ পোছাক উদ্ধাৰ কৰা হয় । সোধপোছৰ অন্তত দৈদুন ব্ৰহ্মই সকলো কথা স্বীকাৰ কৰে আৰু ইউএলবিৰ ভাবুকিপূৰ্ণ ভাইৰেল ভিডিঅ’টো ৰঙিয়া আৰু বাগছাৰ সীমান্তৱৰ্তী পাথৰকুৱেৰীত লোৱা হৈছিল বুলি স্বীকাৰ কৰে ।

ইউএলবিৰ চি-ইন-চি প্ৰিঞ্জিৎ বসুমতাৰীৰ ঘৰ গোসাইগাঁৱত আৰু তেওঁৰ বিৰুদ্ধে হত্যা-অপহৰণকে ধৰি দহটামান গোচৰ ৰজু হৈ আছে বুলি সদৰী কৰিছে সুৰজিৎ সিং পানেছাৰে । ভিডিঅ’টো লোৱাৰ সময়ত চি-ইন-চি প্ৰিঞ্জিৎ বসুমতাৰী , দুব্ৰি ব্ৰহ্ম , ফুংখা ব্ৰহ্ম , দৈদুন ব্ৰহ্ম , সুদেম ব্ৰহ্ম আদি সদস্যসকল আছিল আৰু তেওঁলোকক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত আছে বুলি সদৰী কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ।

মুঠ ১৪ টা ইউএলবিৰ কেডাৰ চিনাক্ত কৰা হৈছে আৰু সকলোকে কৰায়ত্ব কৰা হ’ব বুলি মন্তব্য কৰি আটক হোৱা আনন্দ নাৰ্জাৰী ওৰফে আব্ৰা , সাজাৰাম ব্ৰহ্ম ওৰফে ৰমাই আৰু দৈদুন ব্ৰহ্মক অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত আছে বুলি সদৰী কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

GTM Desk

Related