25.8 C
Assam
Thursday, May 26, 2022

Featured News

পুনৰ তিনি মাহলৈ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি আলফাৰ

Assamese Newsপুনৰ তিনি মাহলৈ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি আলফাৰ

দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস ৷ এইবেলি স্বাধীনতা দিৱসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে পোন প্ৰথমবাৰৰ বাবে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা) ই (ULFA) স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পৰা বিৰত আছে । ইয়াৰ বিপৰীতে আলফাই (ULFA) বৰ্তমানে অব্যাহত থকা যুদ্ধবিৰতিৰ ম্যাদ পুনৰ তিনি মাহৰ বাবে বৃদ্ধি কৰিছে ।

শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিতযোগে এই কথা ঘোষণা কৰিছে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই (Paresh Baruah) ৷ বিবৃতিখনত বৰুৱাই কয়, বিগত ১৫ মে’ত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলফা (স্বা) ই যুদ্ধবিৰতি ঘোষণা কৰিছিল । সেই যুদ্ধবিৰতিৰ ম্যাদ শনিবাৰে উকলিব ৷ কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলফা (স্বা) ই পুনৰ তিনি মাহলৈ সকলো সামৰিক অভিযান বন্ধ ৰাখি যুদ্ধবিৰতি বাহাল ৰাখিবলৈ সিদ্ধান্ত লৈছে ।

আনহাতে, যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধিৰ বাবে পৰেশ বৰুৱাই লোৱা সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে শনিবাৰে কয় যে, এই যুদ্ধবিৰতি স্থায়ী হওক আৰু পৰেশ বৰুৱা সসন্মানে মূলসুঁতিলৈ ঘূৰি আহক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: