আলফাৰে চৰকাৰৰ আলোচনাৰ মধ্যমপন্থা বিচাৰি থকা হৈছে

এটা বিশেষ ‘চেনেল’ত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সৈতে প্রাৰম্ভিক আলোচনা আগবঢ়াই থকা হৈছে৷ নতুন দিল্লীৰ আছাম হাউছত ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে এই ইংগিত দিয়ে৷

বৈঠকৰ অন্তত আছাম হাউছতে অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, একাংশ লোকে আলফা (স্বাধীন)ক শান্তি আলোচনাৰ মজিয়ালৈ অনাৰ বাবে পৰেশ বৰুৱাৰ সৈতে মধ্যস্থতা কৰি আছে৷ আনহাতে, তেওঁ নিজেও পৰেশ বৰুৱাৰ সৈতে আলোচনা আগবঢ়াই নিয়াৰ বাবে দিল্লীৰ সংশ্লিষ্ট মহলত আলোচনা চলাই আছে৷ পিছে আলফা (স্বাধীন)–এ সার্বভৌমত্বৰ প্রসংগ অবিহনে আলোচনা নিবিচাৰে আৰু চৰকাৰেও দেশৰ সার্বভৌমত্বত আপোচ কৰি আলোচনা কৰিব নোৱাৰে৷ সেয়েহে এক মধ্যমপন্থা বিচাৰি থকা হৈছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলত জানিবলৈ দিয়ে৷

মুখ্যমন্ত্রী ড০ শর্মাৰ তাৎপর্যপূর্ণ মন্তব্য– পৰেশ বৰুৱাই সার্বভৌমত্ব বিচাৰি জীৱনৰ আৰম্ভণিৰ পৰা গোটেই জীৱন ধৰি সংগ্রাম চলাই আহিছে৷ সেয়েহে আমি তেওঁক এইবুলি ক’ব নোৱাৰোঁ যে আপুনি সার্বভৌমত্বৰ দাবী এৰি আলোচনাত বহক৷ আনহাতে, ৰাষ্ট্রপতিৰ পৰা প্রধানমন্ত্রী, মুখ্যমন্ত্রী সকলোয়েই দেশৰ সার্বভৌমত্ব ৰক্ষাৰ শপত লৈ কাম আৰম্ভ কৰে৷ তেনে ক্ষেত্রত আমিও পোনপোটীয়াকৈ সার্বভৌমত্বৰ প্রসংগত আলোচনা কৰিব নোৱাৰোঁ৷ সেয়েহে দুয়ো পক্ষৰ মাজত সন্মানজনক মধ্যমপন্থা কি হ’ব পাৰে, সেয়া এতিয়া বিচাৰি থকা হৈছে৷

এই প্রসংগত তেওঁ পুনৰ কয়– ‘মই যদি এতিয়া পৰেশ বৰুৱাক কওঁ যে আপুনি সার্বভৌমত্ব এৰি দিওক, তেতিয়া মই আলোচনা কৰিম৷ তেনেহ’লে তেওঁ কিয় আলোচনালৈ আহিব? তেওঁতো আলোচনাত নাহিব৷ তেওঁ ক’ব যে ইমানদিন যিটোৰ কাৰণে কাম কৰি আছোঁ, সেইটো এৰি মই কিয় আহিম? আকৌ ময়ো সার্বভৌমত্বক লৈ আলোচনা কৰিব নোৱাৰোঁ৷ মই দেশৰ সার্বভৌমত্ব ৰক্ষাৰ শপত লৈহে মুখ্যমন্ত্রী হৈছোঁ৷ এই দুয়োটা স্থিতিয়েই হৈছে চৰম স্থিতি৷ সেয়েহে এই দুই চৰম স্থিতিৰ মাজত এটা ৰাস্তা আমাৰ ওলাব লাগিব৷’

সমগ্র বিষয়টোত আশাবাদী মুখ্যমন্ত্রী ড০ শর্মাই লগতে এয়াও জনাই দিয়ে যে পৰিস্থিতি এতিয়াও এনেকুৱা হোৱা নাই যে কাইলৈ পৰেশ বৰুৱাৰ সৈতে আলোচনা আৰম্ভ কৰি দিয়া যাব৷ লাহে লাহে আলোচনাৰ ৰাস্তা এটা উলিওৱাৰ চেষ্টা চলাই থকা হৈছে৷ ৰাস্তাটো এনেকুৱা হ’ব লাগিব, যাতে উভয় পক্ষৰ সন্মান অক্ষুণ্ণ থাকে৷ পৰেশ বৰুৱাৰ বাধ্য–বাধকতা আমি উপলব্ধি কৰিব পাৰোঁ৷ আমি বিচাৰোঁ যে পৰেশ বৰুৱাও আমাৰ (চৰকাৰৰ) বাধ্য–বাধকতা বুজি পায় যেন৷

মন কৰিবলগীয়া যে দিল্লীৰ আছাম হাউছত শনিবাৰৰ সংবাদ মেল সম্বোধন কৰাৰ ঠিক পূর্বে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে প্রায় আধা ঘণ্টা ধৰি মুখ্যমন্ত্রী ড০ শর্মাই এখন বৈঠকত মিলিত হয়৷ কিন্তু এই বৈঠক সন্দর্ভত শনিবাৰৰ সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই বিশেষ একো কোৱাৰ পৰা বিৰত থকাই পৰিলক্ষিত হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতিক লৈ দিল্লী ভ্রমণৰ কালছোৱাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও তেওঁ আলোচনা কৰিছে৷

আনহাতে কার্বি শান্তি চুক্তি চূডান্ত হৈ পৰাৰ কথা মুখ্যমন্ত্রী ড০ শর্মাই শনিবাৰৰ সংবাদ মেলত দোহাৰি কয় যে চুক্তি স্বাক্ষৰৰ দিন ঠিক কৰাটোহে এতিয়া বাকী আছে৷ শীঘ্রে এই বিষয়টো কেন্দ্রই অৱগত কৰিব বুলি তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে৷

উল্লেখ্য যে নতুন দিল্লীত যোৱা মাহত সম্বোধন কৰা সংবাদ মেলতো তেওঁ যিকোনো মুহূর্তত কার্বি চুক্তি স্বাক্ষৰিত কৰা হ’ব বুলি জানিবলৈ দিছিল৷ আনহাতে ৰাজ্যৰ পাহাৰীয়া জিলাসমূহত কয়লা খননকার্যক বৈধ ৰূপ দিয়াৰ বাবে কেন্দ্রীয় কয়লা আৰু খনিমন্ত্রী প্রহ্লাদ যোশীৰ সৈতে শুকুৰবাৰে হোৱা আলোচনাৰ কথাও মুখ্যমন্ত্রী ড০ শর্মাই শনিবাৰৰ সংবাদ মেলত জানিবলৈ দিয়ে৷

তেওঁ কয় যে কার্বি আংলঙত অবৈধভাৱে কয়লা খননৰ কাম দীর্ঘদিনৰ পৰা চলি আছে৷ এতিয়া এই খননকার্যক বৈধতা প্রদান কৰিব পাৰিলে চৰকাৰে ৰাজহ সংগ্রহ কৰিব পাৰিব৷ সেয়েহে কার্বি আংলঙৰ কয়লা খননক বৈধতা দিয়াৰ বাবে কেন্দ্রীয় মন্ত্রীজনক আহ্বান জনাইছে বুলি তেওঁ জানিবলৈ দিয়ে৷ লক্ষণীয়াভাৱে শনিবাৰৰ সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, অসমত প্রতিমাহে প্রায় ১০০০ কোটি টকাৰ গৰুৰ চোৰাং বেহা চলি আছে৷ গৰুৰ চোৰাং বেহাৰ সৈতে অন্ধ্রপ্রদেশৰ ৰেড্ডী উপাধিৰ এজন কুখ্যাত মাফিয়া জডিত থকাৰ কথা তেওঁ আজি সদৰী কৰে৷ কালি কোকৰাঝাৰত আৰক্ষীৰ গুলীত ৰেড্ডীৰ ভাতৃ আহত হোৱাৰ কথাও তেওঁ শনিবাৰৰ সংবাদ মেলত জানিবলৈ দিয় কয় যে অসমত গৰুৰ চোৰাং বেহাকে ধৰি ড্রাগছ মাফিয়া, নাৰীৰ অবৈধ সৰবৰাহ আদিৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা হৈছে৷ সমগ্র বিষয়টো সন্দর্ভত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে বৃহস্পতিবাৰে আলোচনা হোৱাৰ কথাও তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে৷

error: Content is protected !!
%d bloggers like this: