22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

আলফা স্বাধীনৰ নামত মাজুলীৰ দুগৰাকী ব্যক্তিৰ পৰা ১৫ লাখ টকাৰ ধন দাবী

Assamese Newsআলফা স্বাধীনৰ নামত মাজুলীৰ দুগৰাকী ব্যক্তিৰ পৰা ১৫ লাখ টকাৰ ধন দাবী

অসমৰ সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম ( স্বাধীন ) চমুকৈ আলফাই পূৰ্বৰ দৰে ধনদাবী, অপহৰণ, হত্যা-হিংসা আদি আগৰ তুলনাত বহু পৰিমাণে এৰাই চলা পৰিলক্ষিত হৈছে যদিও কিন্তু অসমৰ উক্ত সশস্ত্ৰ সংগঠনটোৰ নামত একাংশ ভুৱা আলফাই এতিয়াও ধনদাবীৰ দৰে ঘটনা সংঘটিত কৰিয়েই আহিছে। এইবাৰ মাজুলীটো আলফাৰ নামত ধন দাবীৰ দৰে এক অনুৰূপ ঘটনা সংঘটিত হৈছে।

মাজুলীত এইবাৰ আলফা স্বাধীনৰ নামত ধন দাবী কৰা কুমুদ বৰুৱা নামৰ এগৰাকী ভুৱা আলফা গ্ৰেপ্তাৰ হোৱা ঘটনাই সকলোকে ভবাই তুলিছে।অভিযোগ অনুসৰি যোৱা ১৪ ফেব্ৰুৱাৰীত এটা অচিনাক্ত ফোন নাম্বাৰৰ পৰা নিজকে আলফা স্বাধীনৰ সদস্য বুলি মাজুলীৰ বালিচাপৰিৰ নিবাসী পৰেশ বৰাক ১৫ লাখ টকা ধন দাবী কৰিছিল। এই ফোন কলৰ পিছতেই পৰেশ বৰাই সমগ্ৰ ঘটনাৰ বিষয়ে মাজুলী জিলা আৰক্ষীক অৱগত কৰিছিল।

ইয়াৰ পাছত পুনৰ ১৯ ফেব্ৰুৱাৰীত পৰেশ বৰা আৰু তেওঁৰ পুত্ৰ জনাৰ্দ্দন বৰাক ফোনযোগে একেটা নম্বৰৰ পৰা সেইবাৰ পৃথকে পৃথকে ধন দাবী কৰিছিল। ইয়াৰ পিছত আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ অচিনাক্ত ফোন কলটোৰ সহায়ত লোক জনৰ অৱস্থান চিনাক্ত কৰে। সেই অনুসৰি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক আৰু কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ সহযোগত মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাৰ তৎপৰতাত মাজুলীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে যোৱা ২১ ফেব্ৰুৱাৰীত চাংসাৰিৰ পৰা কুমুদ বৰুৱা নামৰ ভুৱা আলফা সদস্য গৰাকীক আটক কৰে।

কামৰূপ গ্ৰাম্যৰ চাংসাৰিত এটা কোম্পানীত কৰ্মৰত কুমুদ বৰুৱাৰ (৪৫) ঘৰো মাজুলীৰ ভকতচাপৰি অঞ্চলৰ ভীমপাৰাত। ভুৱা আলফা সদস্য জনক মাজুলীলৈ আনি আজি গড়মূৰ আৰক্ষীয়ে ২৭/২৩ ভাৰতীয় দণ্ডবিধি আইনৰ 120 B/387 RW-10/13 UA(P) ধাৰাত কুমুদ বৰুৱাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে নিজৰ জিম্মাত লৈ তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে।

মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে লোক জনে জেৰাত সমগ্ৰ ঘটনাৰ কথা স্বীকাৰ কৰিছে আৰু পূৰ্বেও লোক জনে আন কাৰোবাকো ধনদাবী কৰিছিল নেকি সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!