সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ প্ৰেছ বিবৃতি

সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ প্ৰেছ বিবৃতি

সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ প্ৰেছ বিবৃতি ৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিদ্ৰোহী সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য গৰাকীয়ে কয় যে,ইয়াৰ দ্বাৰা সমূহ সংবাদ মাধ্যমৰ লগতে থলগিৰি জনগণক জনোৱা হয় যে,যোৱা ইংৰাজী ১৯ জানুৱাৰীত ডি এ প্লাচ’নামৰ ব্যক্তিগত সংবাদ মাধ্যমটোত ‘সংযুক্ত মুক্তি বাহিনী,অসম ( স্বাধীন)সংগঠনৰ নামত যিটো বাতৰি সম্প্ৰচাৰ কৰা হৈছে সেই বাতৰিৰ তথ্য ভিত্তিহীন ৷

‘সংযুক্ত মুক্তি বাহিনী,অসম ( স্বাধীন)ৰ তৰফৰ পৰা কোনো ব্যক্তি তথা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ অৰ্থ সাহাৰ্যৰ বাবে কোনো ধৰণৰ ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰা হোৱা নাই আৰু সম্প্ৰচাৰিত বাতৰিৰ দৃশ্যমান হোৱা ব্যক্তিজন সংযুক্ত মুক্তি বাহিনী ,অসম ( স্বাধীন)ৰ সদস্য নহয় ৷

ই শত্ৰু পক্ষই সংযুক্ত মুক্তি বাহিনী ( স্বাধীন)ৰ বিৰুদ্ধে কৰা এক ষড়যন্ত্ৰ ৷ গতিকে সম্প্ৰচাৰ হোৱা ভিডিঅ’ বাৰ্তাটো উপেক্ষা কৰি আগন্তুক দিনত কোনো ভূৱা বাতৰি প্ৰশ্নয় নিদিবলৈ বিনয়ৰে আহ্বান জনালো বুলি প্ৰকাশ কৰে সংগঠনটোৰ প্ৰচাৰ সদস্য গৰাকীয়ে ৷

GTM Desk

Related