ULFA(I) has started sleepers cell in area – says SP Nagaon.

1 min read

নগাঁৱত আলফাৰ পতাকা উত্তোলনৰ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ । নগাঁৱত আলফা(স্বাধীন) এ গঠন কৰিছে শ্লিপাৰ চেল – SP NAGAON উজনি-নামনি নহয় , মধ্য অসমতো সক্ৰিয় আলফা(স্বাধীন) । এইবাৰ আলফাই চ’চিয়েল মিডিয়াৰ জৰিয়তে সদস্যভৰ্ত্তিৰ বাবে নতুন পন্থা গ্ৰহণ কৰিছে । শেহতীয়াকৈ মধ্য অসম বিশেষকৈ নগাঁৱৰ বহু যুৱকে গ্ৰহণ কৰিছে এই পন্থা । যাৰবাবে এতিয়া নিদ্ৰাহৰণ হৈছে নগাঁও আৰক্ষীৰ । ২৮ নবেম্বৰ। হঠাৎ হুৱাদুৱা লাগিল নগাঁও আৰক্ষীৰ মাজত । কাৰণ , নগাঁৱৰ ভোটাইগাঁৱৰ খেল পথাৰত উৰিল আলফা (স্বাধীন)ৰ পতাকা । সেই দিনটো আছিল আলফা স্বাধীনৰ প্ৰতিবাদ দিৱস । কিন্তু নগাঁৱত হঠাৎ কেনেকৈ সক্ৰিয় হ’ল আলফা (স্বাধীন) ? আৰম্ভ হ’ল আৰক্ষীৰ তদন্ত । আৰক্ষীৰ তদন্তত কেঁচু খান্দোতে এতিয়া ওলাইছে সাপ । শেহতীয়াকৈ নগাঁৱত সক্ৰিয় হৈ পৰিছে আলফাৰ শ্লিপাৰ চেল । সহায় লৈছে চ’চিয়েল মিডিয়া আৰু নেটৱৰ্কিং চাইটৰ । শনিবাৰে নগাঁৱত সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে । নগাঁও আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে ভাস্কৰ বৰা আৰু নৰেন গোঁহাই নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে এই কথা । আলফা শূন্য বুলি বিবেচিত নগাঁও জিলাত সংগঠনটোৰ এই কুচকাৱাজে এতিয়া নিদ্ৰাহৰণ কৰিছে আৰক্ষীৰ ।

নগাঁৱৰ পৰা আদিল শ্বাহ ৰিপত গুৱাহাটী টাইমচ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author