কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ একমাত্ৰ অসম সন্তান হাছানুজ্জামান চৌধুৰীক হাইলাকান্দিত সম্বৰ্ধনা, নিজে পঢ়া বিদ্যালয়ত ব্যক্ত কৰিলে অভিজ্ঞতা
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলত এই বছৰ অসমৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈছে মাত্ৰ এগৰাকী প্ৰাৰ্থী । সৰ্বভাৰতীয় স্তৰৰ এই অতিগুৰুত্বপূৰ্ণ পৰীক্ষাত ২৮৩ নম্বৰ ৰেংক লাভ কৰি উত্তীৰ্ণ হয় আহমেদ হাছানুজ্জামান চৌধুৰী নামৰ এগৰাকী অসম সন্তান ।
সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হাছানুজ্জামানৰ ঘৰ হাইলাকান্দি জিলাৰ লক্ষিৰবন্দ গাওঁত । তেওঁৰ পিতৃ জাকিৰ আহমেদ চৌধুৰী AEGCLৰ অৱসৰপ্ৰাপ্ত চিফ জেনেৰেল মেনেজাৰ।
হাছানুজ্জামানৰ সফলতাক লৈ উৎফুল্লিত হাইলাকান্দি জিলা । মঙলবাৰে আহমেদ হাছানুজ্জামান চৌধুৰীক তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহন কৰা হাইলাকান্দিৰ লক্ষীৰবন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সভাত সম্বৰ্ধনা জনোৱা হয় । সভাত উপস্থিত থাকে আহমদ হাছানুজ্জামান চৌধুৰী আৰু তেওঁৰ পিতা জাকিৰ আহমদ চৌধুৰী আৰু জিলাৰ আন বিশিষ্ট ব্যক্তি সকল ।