১৫ দেশৰ ২১গৰাকী মহিলালৈ সাহসিকতাৰ বঁটা মার্কিন ফার্ষ্ট লেডীৰ

১৫ দেশৰ ২১গৰাকী মহিলালৈ সাহসিকতাৰ বঁটা মার্কিন ফার্ষ্ট লেডীৰ

আমেৰিকাৰ ফার্ষ্ট লেডী ড০ জিল বাইডেনে ১৫খন দেশৰ ২১গৰাকী মহিলাক সাহসিকতাৰ সন্মান আগবঢ়ায় আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি৷ এই মহিলাসকলৰ সাতগৰাকীয়েই হৈছে আফগানিস্তানৰ৷ আফগানিস্তানৰ এই সাত মহিলাক মৰণোত্তৰভাৱে আন্তর্জাতিক সাহসিকতা সন্মান আগবঢ়াইছে বাইডেনে৷

লক্ষণীয়ভাৱে দেশখনৰ বিদেশ দপ্তৰে বিভিন্ন ক্ষেত্রত সাহসিকতাৰ পৰিচয় দাঙি ধৰা এই মহিলাসকলক আন্তর্জাতিক নাৰী দিৱসত সন্মান জনাই কৈছে যে সাহসী মহিলাসকলে গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাত বিশেষ সহায় কৰিছে৷ সমাজৰ বাবে যুঁজত এই মহিলাসকলে নিজকে উৎসর্গা কৰা বুলিও বাইডেনে অভিহিত কৰিছে৷ ফার্ষ্ট লেডী জিল বাইডেনৰ মতে প্রতিখন দেশতে নিজৰ অধিকাৰ প্রতিষ্ঠা আৰু ন্যায় লাভৰ বাবে বহু মহিলাই সংগ্রাম অব্যাহত ৰাখিছে৷

Source- Niyomiyabarta

Jenifer