বিধানসভা মিডিয়াএডভাইজৰী কমিটী গঠন

বিধানসভা মিডিয়াএডভাইজৰী কমিটী গঠন

১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ বাজেট অধিৱেশনলৈ লক্ষ্য ৰাখি আজি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জ্যেষ্ঠ সাংবাদিক প্রাণজিৎ শইকীয়াক অধ্যক্ষ হিচাপে লৈ এখন ১৩জনীয়া মিডিয়া এডভাইজৰী কমিটী গঠন কৰি দিছে৷ উপাধ্যক্ষ হিচাপে আছে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ৷ কমিটীৰ সচিব হিচাপে আছে হৰেন বুঢ়াগোহাঁই আৰু যুটীয়া সচিবৰূপে আছে আফ্রিদা হুছেইন৷ কমিটীৰ সদস্যসকল হ’ল অনমিত্র গগৈ, পৰম প্রকাশ গগৈ, জিতেন্দ্র কুমাৰ চৌধুৰী, ধ্রুৱ গোহাঁই, মুন গোস্বামী, সাম্য ভৰদ্বাজ, জোনজ্যোতি দত্ত বৰা, পার্থদেৱ গোস্বামী আৰু ৰাজেন বসুমতাৰী৷ এই কমিটীখনে বিধানসভাৰ অধিৱেশন চলি থকা সময়ত সাংবাদিকৰ প্রৱেশ আৰু অন্যান্য দিশসমূহ পর্যালোচনা কৰিব৷

GTM Desk

Related