গুৱাহাটীত পানীৰ স্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ

1 min read

উজনি অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বাঢ়ি আহিছে। গুৱাহাটীৰ কেইবাটাও অংশ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় জল আয়োগৰ এজন বিষয়াই জনোৱা অনুসৰি, যোৱা চাৰিৰ পৰা পাঁচ দিন ধৰি ব্ৰহ্মপুত্ৰত পানী বাঢ়িছে। এতিয়া, এই পানী সতৰ্কবাণী স্তৰৰ ওপৰত বৈ আছে। এএনআইৰ সৈতে বাৰ্তালাপত কেন্দ্ৰীয় জল আয়োগৰ সাদিকুল হকে কয়, “যোৱা ৩-৪ দিন ধৰি ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ বৃদ্ধি পাইছে আৰু সতৰ্কবাণীৰ স্তৰৰ ওপৰেৰে বৈ আছে।উজনি অসমৰ অঞ্চলবোৰত বৰষুণ হৈছে , যাৰ ফলত পানীৰ স্তৰ বৃদ্ধি পাইছে।”
এতিয়া, এই পানী সতৰ্কবাণ স্তৰৰ ওচৰত বৈ আছে। চৰকাৰী প্ৰতিবেদন অনুসৰি, অসমৰ পাঁচখন জিলা বানপানীৰ কবলত পৰিছে।

You May Also Like

More From Author