উত্তপ্ত বোকাখাতৰ মেঠনি চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি

1 min read

 বোকাখাতৰ মেঠনি চাহ বাগিছাত (Methoni tea estate) উত্তপ্ত পৰিস্থিতি । বন বিভাগ আৰু বাগিছা কৰ্তৃপক্ষৰ মাজত তীব্ৰ বিবাদ চলি থকাৰ মাজতে এক বিশেষ নিৰ্দেশনাই এতিয়া কঁপাই তুলিছে বাগিছা অঞ্চল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ বন বিভাগৰ মাটি এৰি দিব লাগিব মেঠনি বাগিছাখনে । অহা ৩১ আগষ্টত শেষ সময়সীমা দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) কৰ্তৃপক্ষই ।

বন বিভাগৰ জাননী লাভ কৰি সৰৱ হৈ পৰিছে চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকল । তেওঁলোকৰ মতে ১৯১২ চনৰ পৰাই বিবাদমান ভূমিত চাহ পুলি ৰোপন কৰি ১৯২৪ চনৰ পৰা পাত সংগ্ৰহ কৰি আহিছে বাগিছা কৰ্তৃপক্ষই । ১৯৮৯ চনত বন বিভাগে পানবাৰী ফৰেষ্ট ৰিজাৰ্ভৰ ভূমি নিৰ্ধাৰণ কৰি বাগিছাৰ সীমাত ২ টা পকী পিলাৰ স্থাপন কৰিছিল ।

লক্ষণীয়ভাৱে মেঠনি বাগিছা কৰ্তৃপক্ষই ১৯২৪ চনৰ পৰা উক্ত ৯ নং শাখাৰ পৰা পাত সংগ্ৰহ কৰি অহিছিল যদিও হঠাৎ ২০২১ চনৰ ১২ আগষ্ট তাৰিখে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই মাটি হস্তান্তৰ কৰাৰ জাননী প্ৰদান কৰে । যাৰ বাবে শ্ৰমিকসকল চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে । ইফালে সমগ্ৰ বিষয়টোত মৌনতা অৱলম্বন কৰিছে অসম চাহ মজদুৰ সংঘই (Assam Chah Mazdoor Sangh) । যাৰ বাবে মজদুৰ সংঘৰ বোকাখাত শাখাৰ বিৰুদ্ধেও সৰৱ হৈ পৰিছে মেঠনি বাগিছাৰ শ্ৰমিকসকল ।

ইফালে শ শ শ্ৰমিকে বৃহস্পতিবাৰৰ দিনটোত বাগিছখনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । এক ইঞ্চি ভূমিও বন বিভাগক নিদিয়ে বুলি হুংকাৰ দিয়ে শ্ৰমিকসকলে । অৱশ্যে ৩১ আগষ্টৰ পাছতহে গম পোৱা যাব প্ৰকৃততে কাৰ হাতলৈ যায় প্ৰায় ৩৫ বিঘা মাটি !

You May Also Like

More From Author