33.3 C
Assam
Saturday, May 28, 2022

Featured News

AHSEC releases reschedule dates for HS First-year students; to start from June 6

The Assam Higher Secondary Education Council (AHSEC)...

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

ডিমা হাছাওত চিমেণ্ট কোম্পানীৰ ট্রাকত নির্বিচাৰ গুলীবর্ষণ, নিহত ৩ চালক

Assamese Newsডিমা হাছাওত চিমেণ্ট কোম্পানীৰ ট্রাকত নির্বিচাৰ গুলীবর্ষণ, নিহত ৩ চালক

 সাময়িকভাৱে শান্তি বিৰাজ কৰা পাহাৰীয়া জিলা ডিমা হাছাও পুনৰ অশান্ত হৈ পৰিছে৷ উগ্রপন্থী সংগঠন ডিএনএলএৰ নির্বিচাৰ গুলীচালনাত আজি জিলাখনৰ ডিয়ুংমুখৰ ৰেঞ্জাৰ বিলত নিহত হয় তিনিজনকৈ নিৰীহ ট্রাকচালক৷ উগ্রপন্থীৰ ১০–১৫জনীয়া দলে গুলীচালনাতে ক্ষান্ত নাথাকি ডালমিয়া চিমেণ্টৰ ‘ক্লিংকাৰ’ পৰিৱাহী ৫খনকৈ ট্রাকো জ্বলাই দিয়ে৷ নিশা প্রায় ৮.৩০ বজাত সংঘটিত এই ঘটনা সন্দর্ভত প্রাপ্ত খবৰ অনুসৰি ডিমা হাছাও জিলাৰ উমৰাংছ’–লংকা সংযোগী পথৰ হাফলং তিনিআলিৰ পৰা প্রায় ৫০০মিটাৰ দূৰত্বৰ ডিয়ুংমুখৰ ৰেঞ্জাৰ বিলস্থিত পেট্র’ল পাম্পত ৰখাই থোৱা ৫খনকৈ ট্রাকক লক্ষ্য হিচাপে লৈ প্রথমতে উগ্রপন্থীৰ দলটোৱে নির্বিচাৰে গুলীচালনা কৰে৷ উগ্রপন্থীৰ গুলীত ভীতিগ্রস্ত হৈ ট্রাককেইখনৰ চালকসকলে দৌৰি আত্মৰক্ষাৰ চেষ্টা চলায়৷ কিন্তু ইমানৰ পাছতো উগ্রপন্থীৰ দলটোৱে পিছে পিছে খেদি গৈ ট্রাকচালককেইজনক লক্ষ্য কৰি গুলীচালনা অব্যাহত ৰাখে৷ উগ্রপন্থীৰ গুলীত তিনিজনকৈ ট্রাকচালক নিহত হোৱা বুলি অসম আৰক্ষীৰ এক শীর্ষস্থানীয় সূত্রই নিশ্চিত কৰিছে৷

ইয়াৰে দুজনক লংকাৰ বৰদলং নিৱাসী ছিকন্দৰ আলী আৰু উদালিৰ আজগৰ আলী বুলি চিনাক্ত কৰা হৈছে৷ আনজনৰ নাম গৌড় মজুমদাৰ বুলি জানিব পৰা গৈছে যদিও তেওঁৰ সবিশেষ ঠিকনা বর্তমান পর্যন্ত জানিব পৰা হোৱা নাই৷ ইফালে উগ্রপন্থীৰ দলটোৱে গুলীচালনা কৰাতেই ক্ষান্ত নাথাকি ডালমিয়া চিমেণ্টৰ সামগ্রী পৰিবাহী ৫খন ট্রাকতেই অগ্ণিসংযোগ কৰে৷ ফলত নিমিষতে ট্রাককেইখনক আৱৰি ধৰে জুইৰ লেলিহান শিখাই৷ অতি দুর্গম অঞ্চল হোৱাৰ পৰিপ্রেক্ষিতত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাত পলম হোৱাৰ সুযোগ বুজি উগ্রপন্থীৰ দলটোৱে নির্বিঘ্ণে পলায়ন কৰিবলৈ সক্ষম হয়৷ অৱশ্যে পৰৱর্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জোৰ তদন্ত অব্যাহত ৰাখিছে৷

ইফালে ডিয়ুংমুখৰ ৰেঞ্জাৰ বিলত এই ঘটনা সংঘটিত কৰাৰ সমান্তৰালভাৱে উগ্রপন্থী সংগঠনটোৱে হাফলং তিনিআলিৰ পৰা প্রায় দুই কিলোমিটাৰ দূৰত্বৰ আৰ্ডা কট্ৰাতো গুলীচালনা কৰাৰ বাতৰি পোৱা গৈছে৷ এই আৰ্ডা কট্ৰাৰ পৰাই ডালমিয়া চিমেণ্টে কয়লা সংগ্রহ কৰে৷ উগ্রপন্থী সংগঠন ডিএনএলএই এইদৰে ডালমিয়া চিমেণ্টক আক্রমণৰ লক্ষ্য কৰি লোৱাটো ৰহস্যজনক হৈ পৰিছে৷ স্থানীয় একাংশই দাবী কৰা মতে, ডিএনএলএই ডালমিয়া চিমেণ্টক ধন দাবী কৰিছিল৷ দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই এইদৰে উগ্রপন্থী সংগঠনটোৱে প্রতিষ্ঠানটোক আক্রমণৰ লক্ষ্য হিচাপে লোৱা বুলি সন্দেহ ব্যক্ত কৰা হৈছে৷ অৱশ্যে সমগ্র বিষয়টো স্পষ্ট হ’ব আৰক্ষীৰ তদন্তৰ অন্ততহে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: