১৭ ফেব্ৰুৱাৰীলৈ এদিনঃ কি হ’ব আলফাই অপহৰণ কৰা কুইপোৰ দুই বিষয়াৰ?

১৭ ফেব্ৰুৱাৰীলৈ এদিনঃ কি হ’ব আলফাই অপহৰণ কৰা কুইপোৰ দুই বিষয়াৰ?

আজি উকলিব কুইপোৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ ক্ষেত্ৰত আলফা(স্বা)ই নিৰ্ধাৰিত কৰি দিয়া চূড়ান্ত সময়সীমা। আলফা(স্বা)ই ২৭ জানুৱাৰীত এক বিবৃতিযোগে ৰাম কুমাৰৰ ক্ষেত্ৰত ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপো কোম্পানীয়ে দাবী কৰা ধন আদায় নিদিলে মৃত্যুদণ্ড বিহিব বুলি জনাইছিল।

ইয়াৰ পিছতে দুয়োটা পৰিয়ালে আলফা(স্বা)ক দুই বিষয়াৰ মুক্তিৰ বাবে কাতৰ অনুৰোধ জনাইছিল। অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো আলফা(স্বা)ক ৩১ জানুৱাৰীত শিৱসাগৰত উপস্থিত হৈ বিষয়াদ্বয়ৰ মুক্তিৰ বাবে আহ্বান জনাইছিল।

আনহাতে যোৱা পৰহি আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভাতৃক সাক্ষাৎ কৰিছিল দুয়োটা পৰিয়ালৰ লোকে। কিন্তু আলফা(স্বা)ৰ ফালৰ পৰা কুইপোৱে সংগঠনটোৰে মীমাংসাৰ সলনি ভাৰতীয় সেনাক ব্যৱহাৰ কৰি চাপ বৃদ্ধি কৰা বুলি বিবৃতি জাৰি কৰে যদিও শেহতীয়াকৈ দুই বিষয়াৰ মুক্তি সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই।

ইয়াকে লৈ চৰম উৎকণ্ঠাৰ মাজত আছে প্ৰণৱ কুমাৰ গগৈৰ লগতে ৰাম কুমাৰৰ পৰিয়ালৰ লোক। উল্লেখ্য, আলফা(স্বা)ই ইতিমধ্যে বহিঃৰাজ্যৰ আনকি বিদেশৰ অপহূত লোকক মৃত্যুদণ্ড বিহাৰ উদাহৰণ আছে। এনেস্থলত ৰাম কুমাৰক লৈ সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠা।
source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.