অসমৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সৰু সৰু কাপোৰ পিন্ধাই গা ধুৱাই ম’বাইলত মৰা হয় ফটো

1 min read

এখন আজৱ বিদ্যালয়ৰ আজৱ কাহিনী ৷ এই আজৱ বিদ্যালয় আছে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত ৷

লাহোৱাল শিক্ষাখণ্ড অন্তৰ্গত থানাই মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে আৰু অভিভাৱক সকলে গুৰুত্ব অভিযোগ দিছে এই খন বিদ্যালয়লৈ পুৱাই অহা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ ভিতৰত সৰু সৰু কাপোৰ পিন্ধাই গা ধুৱাই আৰু ম’বাইল ফটো মাৰে

এই ঘটনা ছাত্র-ছাত্ৰী সকলে ঘৰত অভিভাৱক সকলত কোৱাত এতিয়া ৰহমৰীয়া অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে

সঁচাকৈ বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়লৈ আহিলে গা ধুবলৈ শিক্ষা বিভাগৰ পৰা নিৰ্দেশনা আহিছে নেকি, সেয়া অভিভাৱক সকলে প্ৰশ্ন কৰিছে ! যদি নাই অহা কিয় ছাত্ৰ-ছাত্ৰী সকলক গা ধুৱাৰ ব্যৱস্থা কৰা হৈছে সেয়া ৰহস্য হৈ পৰিছে।

পৰবৰ্তী সময়ত শিক্ষাবিভাগে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব !

You May Also Like

More From Author