১৫ মে’ৰ ভিতৰত বন্ধ হ’ব পাৰে হোৱাটছএপ!

১৫ মে’ৰ ভিতৰত বন্ধ হ’ব পাৰে হোৱাটছএপ!

হোৱাটছএপ বৰ্তমান সকলোৱে ব্যৱহাৰ কৰে। কিন্তু হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। যদি হোৱাটছএপৰ নতুন প্ৰাইভেচি আপডেট গ্ৰহণ নকৰে তেতিয়া অহা ১৫ মে’ৰ পৰা এই এপটো ব্যৱহাৰ কৰিব নোৱাৰিব।

যাৰ বাবে বিতৰ্কত আছিল হোৱাটছএপৰ উক্ত বিষয়টো যদিও নিজৰ স্থিতিত অটল আছে হোৱাটছএপ । জানুৱাৰী মাহতে হোৱাটছএপে জনাইছিল যে ৮ ফেব্ৰুৱাৰীৰ পূৰ্বে ব্যৱহাৰকাৰীসকলে নতুন প্ৰাইভেচি পলিচি গ্ৰহণ নকৰিলে তেওঁলোকৰ হোৱাটছএপ বিকল হৈ যাব। শেহতীয়াকৈ প্ৰকাশ পোৱা মতে অহা ১৫ মে’ৰ পূৰ্বে ব্যৱহাৰকাৰীসকলক হোৱাটছএপে নতুন টাৰ্মছ অব ছাৰ্ভিচ ব্যৱহাৰ কৰাৰ বাবে লাহে লাহে সুধিব যাতে ব্যৱহাৰকাৰীসকলে হোৱাটছএপৰ সকলো সুবিধা পাই থাকে। যিসকল ব্যৱহাৰকাৰীয়ে নতুন পলিচি গ্ৰহণ নকৰে তেওঁলোকে কিছুদিনৰ বাবে কল আৰু নটিফিকেচন পাই থাকিব কিন্তু মেছেজ পঢ়িব বা মেছেজ প্ৰেৰণ কৰিব নোৱাৰিব।

উল্লেখ্য যে হোৱাটছএপৰ শেহতীয়া প্ৰাইভেচি পলিচিৰ দ্বাৰা ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য আহৰণ কৰি সেয়া ফেচবুকৰ সৈতে শ্বেয়াৰ কৰিব পাৰে বুলি অভিযোগ উঠিছিল। এই অভিযোগৰ প্ৰত্যুত্তৰত হোৱাটছএপে প্ৰকাশ কৰিছিল যে এয়া মিছা খবৰ। এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে হোৱাটছএপে নিজাকৈ ব্যৱস্থাও গ্ৰহণ কৰিছে।
Source – Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related