fbpx
March 22, 2021

আলফাই কেতিয়া মুকলি কৰি দিব কুইপ’ৰ দুই অপহৃত অভিযন্তাক?

কুইপ’ৰ দুই অভিযন্তা শিৱসাগৰৰ প্ৰণৱ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ মুক্তি কেতিয়া?তিনি মাহ অতিবাহিত হোৱাৰ পিছতো কোনো সম্ভেদ ওলোৱা নাই দুই অভিযন্তাৰ।উল্লেখযোগ্য যে,ইতিবাচক দিশত হৈছিল কুইপ’ আৰু আলফা (স্বা)ৰ আলোচনা।

১ মার্চতেই দুই অপহৃত অভিযন্তাক মুকলি কৰি দিয়াৰ আশ্বাস দিছিল আলফাই।কিন্তু দুই অপহৃত বিষয়াৰ মুক্তিৰ বাতৰিক লৈ এটা সংবাদ প্ৰতিষ্ঠানে ভুৱা খৱৰ প্ৰকাশ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰি সাংবাদিক দিক্ষিত শৰ্মা আৰু প্ৰণৱ গগৈক ক্ষমা খোজাৰ দাবী জনাইছিল।

পাছত দুই গৰাকী সাংবাদিকে আলফা স্বাধীনৰ ওচৰত ক্ষমা বিচাৰি দুয়োকে মুকলি কৰি দিবলৈ আহ্বান জনাইছিল।কিন্তু সময় বহু পাৰ হৈ গ’ল যদিও দুই অপহৃত অভিযন্তাক মুকলি কৰি দিয়া নাই আৰু এইক্ষেত্ৰত মৌনতা অৱলম্বন কৰি আছে।যাৰ বাবে এতিয়া পুনৰ চিন্তিত হৈ পৰিছে দুই অপহৃত অভিযন্তাৰ পৰিয়ালবৰ্গ।

উল্লেখযোগ্য যে যোৱা ২১ ডিচেম্বৰতে দুয়োজন অভিযন্তাক অপহৰণ কৰি লৈ গৈছিল সশস্ত্র সংগঠনটোৱে৷আলফাই দুয়োকে চৰম শাস্তিৰ কথাও ঘোষণা কৰিছিল৷অৱশ্যে,অসমৰ সচেতন সমাজে আলফাক তেনে সিদ্ধান্ত প্রত্যাহাৰ কৰিবৰ বাবে কৰা আহবানৰ প্রতি সঁহাৰি জনাই পৰেশ বৰুৱাই সেই সিদ্ধান্ত স্থগিত ৰাখে৷

error: Content is protected !!
%d bloggers like this: