কৃষক মুক্তিৰ পৰা ৰাইজৰ দললৈ কোন কোন ? 

কৃষক মুক্তিৰ পৰা ৰাইজৰ  দললৈ কোন কোন ? 

গুৱাহাটী: শুকুৰবাৰে ঘোষণা হ’ব লগা কৃষক মুক্তি আৰু ৭০ সংগঠনৰ প্ৰস্তাৱিত ৰাজনৈতিক দললৈ কৃষক মুক্তি সংগ্রাম সমিতিৰ পৰা প্রেৰণ কৰা হৈছে বহুকেইজন শীৰ্ষ নেতাক।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো’ ডি শ‌ইকীয়া, কাৰ্যকৰী সভাপতি অনিল বড়ো,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান,ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম,চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ দীপক তাঁতী।

উল্লেখ যে সংগঠনৰ পৰা আনুষ্ঠানিকভাৱে উক্ত নেতাকেইজনক বিদায় জনোৱা হয়।

গুৰুত্বপূৰ্ণ যে শুকুৰবাৰে দিনৰ ১১ বজাত ঘোষণা কৰা হ’ব বহু প্ৰত্যাশিত নতুন ৰাজনৈতিক দলটোৰ নাম।

Ali